বহুতে হয়তো এনে অভিজ্ঞতা লাভ কৰিছে৷ অনলাইন এপত খাদ্য অৰ্ডাৰ দি খাদ্য নোপোৱাৰ অভিজ্ঞতা। এনে এক তিক্ত অভিজ্ঞতাৰ সাক্ষী হোৱাৰ পিছত এগৰাকী লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ এখন পত্ৰ লিখে৷
এই লোকগৰাকী বঙালী অভিনেতা প্ৰসেনজিৎ চট্টোপাধ্যায়। তেওঁ অভিযোগ কৰিছিল যে ৩ নৱেম্বৰত এটা অনলাইন খাদ্য বিতৰণ এপৰ জৰিয়তে খাদ্য অৰ্ডাৰ কৰিছিল, কিন্তু খাদ্য কেতিয়াও তেওঁৰ ওচৰলৈ নাহিল। কিন্তু খাদ্য বিতৰণ এপটোৱে দেখুৱাইছিল যে খাদ্য ডেলিভাৰী দিয়া হৈছে।
প্ৰসেনজিৎ চট্টোপাধ্যায়েও প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পোনপটীয়াকৈ চিঠি লিখি তেওঁৰ তিতা অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। তেওঁৰ মতে, যিকোনো দিনতে এনে অভিজ্ঞতা যিকোনো লোকৰ ক্ষেত্ৰত হ'ব পাৰে৷
নৰেন্দ্ৰ মোদী আৰু মমতা বেনাৰ্জীক সম্বোধন কৰি প্ৰসেনজিতে লিখে, ''মই বিষয়টোৰ প্ৰতি আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ, কাৰণ এয়া যিকোনো লোকৰ ক্ষেত্ৰত হ'ব পাৰে। যদি কোনোবাই ঘৰত অতিথিৰ বাবে খাদ্য অৰ্ডাৰ কৰে আৰু ই নাহে তেন্তে কি হ'ব? যদি কোনোবাই ৰাতিৰ আহাৰৰ বাবে খাদ্য অৰ্ডাৰ কৰে তেন্তে কি হ'ব? তেওঁলোকে ভোকত থাকিব নেকি? গতিকে বিষয়টো আলোচনা কৰা দৰকাৰ।''
Respected PM @narendramodi and Respected CM @MamataOfficial, your kind attention please. pic.twitter.com/fry7F6wYl7
— Prosenjit Chatterjee (@prosenjitbumba) November 6, 2021
প্ৰসেনজিতে অৱশ্যে কয় যে তেওঁ কাকো দোষ দিয়া নাই৷ কিন্তু তেওঁ অনুভৱ কৰিছিল যে খাদ্য, ঔষধৰ দৰে সামগ্ৰী যোগান ধৰাৰ সৈতে জড়িত সকলোৱে অধিক দায়বদ্ধ হ'ব লাগে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।