প্ৰখ্যাত অভিনেতা, কমেডিয়ান দিনয়াৰ কনট্ৰেক্টৰৰ দেহাৱসান, প্ৰধানমন্ত্ৰীৰ শোক

বাজীগৰ, খিলাড়ী, বাদশ্বাহ আৰু ৩৬ চাইনা টাউনৰ দৰে ছবিত অভিনয় কৰি দৰ্শকৰ অতি আপোন হৈ পৰিছিল অভিনেতাগৰাকী।

news18assam
Updated:June 5, 2019, 12:49 PM IST
প্ৰখ্যাত অভিনেতা, কমেডিয়ান দিনয়াৰ কনট্ৰেক্টৰৰ দেহাৱসান, প্ৰধানমন্ত্ৰীৰ শোক
বাজীগৰ, খিলাড়ী, বাদশ্বাহ আৰু ৩৬ চাইনা টাউনৰ দৰে ছবিত অভিনয় কৰি দৰ্শকৰ অতি আপোন হৈ পৰিছিল অভিনেতাগৰাকী।
news18assam
Updated: June 5, 2019, 12:49 PM IST
পদ্মশ্ৰী বঁটাপ্ৰাপক, প্ৰখ্যাত অভিনেতা দিনয়াৰ কনট্ৰেক্টৰৰ দেহাৱসান। আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল ৭৯ বছৰ। বাজীগৰ, খিলাড়ী, বাদশ্বাহ আৰু ৩৬ চাইনা টাউনৰ দৰে ছবিত অভিনয় কৰি দৰ্শকৰ অতি আপোন হৈ পৰিছিল অভিনেতাগৰাকী। বহু জনপ্ৰিয় টিভি শ্ব’তো দেখা গৈছিল অভিনেতাগৰাকীক। এগৰাকী থিয়েটাৰ আৰ্টিষ্ট হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল দিনয়াৰ কনট্ৰেক্টৰে। ২০১৯ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল এইগৰাকী অভিনেতাক।
বিয়লিলৈ সম্পন্ন কৰা হ’ব অভিনেতাগৰাকীৰ শেষকৃত্য। অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি