মহিলা অধ্যক্ষক অশালীন মন্তব্য কৰা আজম খানৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা, কি কৈছিল আজম খানে?

শাসক–বিৰোধী উভয়ৰে বিৰোধ উত্তৰ প্ৰদেশৰ ৰামপুৰ সমষ্টিৰ সমাজবাদী পাৰ্টীৰ সাংসদ আজম খানৰ।

News18-Assam
Updated:July 26, 2019, 5:05 PM IST
মহিলা অধ্যক্ষক অশালীন মন্তব্য কৰা আজম খানৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা, কি কৈছিল আজম খানে?
শাসক–বিৰোধী উভয়ৰে বিৰোধ উত্তৰ প্ৰদেশৰ ৰামপুৰ সমষ্টিৰ সমাজবাদী পাৰ্টীৰ সাংসদ আজম খানৰ।
News18-Assam
Updated: July 26, 2019, 5:05 PM IST
আজম খানৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা। শুকুৰবাৰে লোকসভাত মজিয়াত সৰ্বসন্মতি ক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰি আজম খানৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ লোকসভাৰ অধ্যক্ষক দিয়া হ’ল সম্পূৰ্ণ স্বতন্ত্ৰতা। বৃহস্পতিবাৰে সংসদত তিনি তালাক বিলক কেন্দ্ৰ কৰি অধ্যক্ষৰ আসনত থকা ৰমা দেৱী সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰিছিল উত্তৰ প্ৰদেশৰ ৰামপুৰ সমষ্টিৰ সমাজবাদী পাৰ্টীৰ সাংসদ আজম খানে। আজম খানৰ এই মন্তব্যৰ পিছতে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। সকলো মহিলা সাংসদে আজম খানে দিছে একে মুখে ধিক্কাৰ।

ওম বিৰলাৰ প্ৰতিক্ৰিয়া

আজম খানৰ প্ৰসংগত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে, সকলো দলৰ নেতাৰ সৈতে বৈঠকত মিলিত হৈ আজম খানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব।



স্মৃতি ইৰাণী– পদত্যাগ কৰাৰ নাটক কৰিছিল আজম খানে
আজি লোকসভাত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কয় যে, এনে ধৰণৰ মন্তব্য কৰাৰ বাবদ আজম খানে এতিয়া সকলোৰে পৰা ক্ষমা বিচাৰিব লাগে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, ‘লোকসভা এনে ঠাই নহয় য’ত মহিলাৰ সন্দৰ্ভত এনেধৰণৰ মন্তব্য কৰিব!’ স্মৃতি ইৰাণীৰ মতে আজম খানে পদত্যাগ কৰাৰ নাটকহে কৰিছিল। লগতে স্মৃতি ইৰাণীয়ে কয় যে ‘মোৰ ৭ বছৰীয়া সংসদীয় কাৰ্যকালত লোকসভাত কোনো পুৰুষে এনে ধৰণৰ মন্তব্য কৰাৰ কোনো উদাহৰণ নাই!’

ৰমা দেৱী সন্দৰ্ভত কি কৈছিল আজম খানে

আপোনাক মোৰ ইমান ভাল লাগে যে আপোনাৰ চকুত যেন মই চকু থৈ আপোনাক চাই থাকিম।


ইয়াৰ পূৰ্বেও আজম খানে জয়া পৰ্দাৰ সম্পৰ্কতো কৰিছিল আপত্তিজনক মন্তব্য। ‘জয়া পৰ্দাক চিনি পোৱাত উত্তৰ প্ৰদেশৰ জনতাৰ ১৭ বছৰ লাগিল, কিন্তু জয়া পৰ্দাই গেৰুৱা ৰঙৰ অন্তৰ্বাস পৰিধান কৰে বুলি মাত্ৰ ১৭ দিনতে গম পালো বুলি এখন ৰাজহুৱা সভাত মন্তব্য কৰিছিল আজম খানে!’

আৰু চাওক পৰৱৰ্তী বাতৰি