গভীৰ টোপনিত আছিল মানুহবোৰ, তেতিয়াই ৫০০০টনৰ দুটা টেংকৰ পৰা নিৰ্গত হ’ল বিষাক্ত গেছ, দূৰ্ঘটনাৰ কাৰণ জানক

News18 Assam | News18-Assam
Updated:May 7, 2020, 2:18 PM IST
গভীৰ টোপনিত আছিল মানুহবোৰ, তেতিয়াই ৫০০০টনৰ দুটা টেংকৰ পৰা নিৰ্গত হ’ল বিষাক্ত গেছ, দূৰ্ঘটনাৰ কাৰণ জানক
অসুস্থক কান্ধত তুলি লৈ যোৱা এজন NDRFৰ জোৱান।

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত বৃহস্পতিবাৰে পুৱতি নিশা এটা কেমিকেল প্লাণ্টত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে কেবাশ লোক চিকিৎসাধীন হৈ আছে। 

  • Share this:
অমৰাৱতীঃ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত এল জি পলিমাৰ ইণ্ডাষ্ট্ৰীত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত আক্ৰান্ত হৈছে ৫০০০ৰো অধিক লোক। এইপৰ্যন্ত ৮জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাশ লোক চিকিৎসাধীন হৈ আছে। এই দূৰ্ঘটনাক লৈ বিশাখাপট্টনমৰ পশ্চিম জ’নৰ এচিপিয়ে জনায়, গেছ ৫০০০টনৰ দুটা টেংকৰ পৰা নিৰ্গত হৈছিল। এই ফেক্টৰীটো মাৰ্চ মাহৰ পৰা লকডাউনৰ কাৰণে বন্ধ হৈ আছিল। ৰাসায়নিক বিক্ৰিয়া ঘটি টেংকৰ ভিতৰভাগ গৰম হৈ পৰে আৰু এইকাৰণে গেছ লিক হয়। বিষাক্ত গেছ নিৰ্গত হোৱাৰ সময়ত মানুহবোৰ গভীৰ নিদ্ৰাত আছিল।

আনহাতে এনডিআৰএফৰ মুৰব্বী সত্যনাৰায়ণ প্ৰধানে জনায় যে এনডিআৰএফৰ উদ্ধাৰ অভিযানত ২৭জন উদ্যোগিক নিৰ্গমনৰ সৈতে যুঁজিব পৰা বিশেষজ্ঞ তৎপৰতাৰে জৰিত আছে আৰু ৮০ৰ পৰা ৯০শতাংশ লোকৰ প্ৰাণ ৰক্ষা কৰা হৈছে।

বিষয়াসকলে জনোৱা মতে, এই প্লাণ্ট গোপালপট্টনম এলেকাত অৱস্থিত। এই এলেকাত মানুহে চকু জ্বলা–পোৰা, উশাহ লোৱাত কষ্ট, বুকুখন বেয়া লগা আৰু শৰীৰত চকলা–চকল ৰঙা দাগ পৰা সমস্যাৰ দ্বাৰা আক্ৰান্ত হৈছে। জিলা মেজিষ্ট্ৰেট বি বিনয় চন্দে জনায় যে, বিষাক্ত গেছৰ কাৰণে ৮জন লোকৰ প্ৰাণ গৈছে।

কোৰোণা সংকটৰ মাজতে সংঘটিত এই ভয়াৱহ দূৰ্ঘটনাক লৈ উদ্বিগ্ন হৈছে সমগ্ৰ দেশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ অৱস্থাৰ বুজ লয় আৰু অসুস্থ সকলৰ আশু আৰোগ্য কামনা কৰে। তেওঁ এই প্ৰসংগত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰৱন্ধন প্ৰাধিকৰণৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা টুইটাৰত প্ৰকাশ কৰে। সমগ্ৰ বিষয়টো অহৰহ পৰ্যবেক্ষণত ৰখাৰ কথা তেওঁ উল্লেখ কৰে।

First published: May 7, 2020, 2:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি