হায়দৰাবাদ ধৰ্ষণ কাণ্ডঃ প্ৰথম নিশা জেইলত বলাৎকাৰীক খাবলৈ দিয়া হ’ল ছাগলীৰ মাংস–ফ্ৰাইড ৰাইচ!

News18 Assam | News18-Assam
Updated:December 3, 2019, 2:20 PM IST
হায়দৰাবাদ ধৰ্ষণ কাণ্ডঃ প্ৰথম নিশা জেইলত বলাৎকাৰীক খাবলৈ দিয়া হ’ল ছাগলীৰ মাংস–ফ্ৰাইড ৰাইচ!
প্ৰতীকাত্মক ফটো

এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ ক্ষোভৰ।

  • Share this:
যুৱতী চিকিৎসকক দলৱদ্ধ বলাৎকাৰ কৰি জ্বলাই দিয়া ঘটনাক লৈ সমগ্ৰ দেশ ক্ষোভত জ্বলিলেও যেন নিৰ্বিকাৰ আমাৰ আইন ব্যৱস্থা। আনকি এটা অভিযুক্তৰ মাতৃয়ে নিজৰ অপৰাধী পুত্ৰক হত্যা কৰিবলৈও আহ্বান জনাইছে।

আদালতৰ নিৰ্দেশত চাৰিওটা অভিযুক্তক ৰখা হৈছে তেলেংগানাৰ চেৰাপল্লীৰ চেণ্ট্ৰেল জেইলত। এই জেইলত প্ৰথম নিশা অভিযুক্তক দিয়া খাদ্যই দেশবাসীৰ ক্ষোভৰ জুই দুগুণে বৃদ্ধি কৰিছে। পাশৱিক অপৰাধী কেইটাক খাবলৈ দিয়া হৈছে মাটন কাৰী আৰু ফ্ৰাইড ৰাইচ। যিসময়ত সংসদৰ মজিয়াতে ধৰ্ষকক ৰাজহুৱাকৈ হত্যা কৰাৰ দাবী উত্থাপন কৰি জয়া বচ্চনৰ দৰে সাংসদে নিজৰ মুকলি ক্ষোভ প্ৰকাশ কৰিছে সেই সময়ত ধৰ্ষণকাৰীক ৰজাৰ দৰে আতিথ্য দিয়া কাৰ্য কিমান যুক্তিসংগত? প্ৰশ্ন কৰিছে সাধাৰণ ৰাইজে।

ছচিয়েল মিডিয়াত এই জঘন্য বলাৎকাৰ কাণ্ডক লৈ চলিছে তীব্ৰ প্ৰতিবাদ। কোনোবাই লিখিছে,
এইখন কেনে দেশ য’ত সাধাৰণ নাগৰিকৰ এটা বৃহৎ অংশই খালী পেটে, খালী গাৰে ৰাজপথত শুই থাকে সেইখন দেশত এনে পৈশাচিক অপৰাধৰ অপৰাধীক জেইলত বিশেষ নিৰাপত্তা প্ৰদান কৰি মাটন কাৰী–ফ্ৰাইড ৰাইচ দিয়া হৈছে।


কোনোবাই কোনোবাই ২৬/১১ৰ আক্ৰমণকাৰী সন্ত্ৰাসবাদী আজমল কাছভৰ প্ৰসংগও টানি আনিছে। বিচাৰৰ সময়চোৱাত অন্য খাদ্য খাব নোৱাৰাৰ কাৰণে কাছভক মাটন বিৰিয়ানী খাবলৈ দিয়া হৈছিল।

এই বিতৰ্কৰ মাজতে জেইল কৰ্তৃপক্ষৰ তৰফৰ পৰা যি প্ৰতিক্ৰিয়া পোৱা গৈছে সেই অনুসৰি জেইলত কোনে কি খাব? তাৰ মেনু আগতেই ঠিক কৰা হয়। সেই মতে জেইলত প্ৰথম নিশা ধৰ্ষককেইটাই মাটন কাৰী–ফ্ৰাইড ৰাইচ পালে। লগতে পুৱা, দুপৰীয়া আৰু ৰাতিৰ সাজতো বিধে বিধে খাবলৈ পাইছে যুৱতীৰ হত্যাকাৰীকেইটাই।

কালনিশাটোত ক্লিনিকৰ পৰা ঘৰলৈ উভতাৰ পথত স্কুটিখন বেয়া হৈছিল পশু চিকিৎসকগৰাকীৰ। টোলপ্লাজাৰ সন্মুখত স্কুটিখন ৰখাই ওচৰৰ দোকানত সহায় বিচাৰিছিল তেওঁ। পিছদিনা সেই ঠাইৰ পৰা ২৫কিলোমিটাৰ দূৰৈত পোৱা গ’ল যুৱতীগৰাকীৰ অৰ্ধদগ্ধ মৃতদেহ। ধৰ্ষণ কৰি হত্যা কৰি যুৱতীগৰাকীক জ্বলাই পেলাইছিল অভিযুক্তকেইটাই। যুৱতীগৰাকীৰ স্কুটীৰ পৰা তেল উলিয়াই যুৱতীগৰাকীক জ্বলোৱা হৈছিল।

প্ৰত্যক্ষদৰ্শীৰ মতে যুৱতীগৰাকীৰ সৈতে দুজন যুৱক আহি স্কুটিখন লৈ গৈছিল। তেওঁ অভিযুক্তকেইটাৰ সৈতে আছিল, সম্ভৱতঃ স্কুটিখন ভাল কৰাৰ কথা দিয়াৰ কাৰণে তেওঁ সন্মত হৈছিল। স্কুটিখন ভাল কৰিবলৈ ওচৰৰে এখন দোকানলৈ নিয়াৰ কথা নিজৰ ভগ্নীক কৈছিল যুৱতীগৰাকীয়ে। ইয়াৰ পিছতেই তেওঁৰ ম’বাইল ফোন বন্ধ হৈ পৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি