সন্ত্ৰাসবাদক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বতন্ত্ৰ কংগ্ৰেছনেল ৰিছাৰ্চ ছাৰ্ভিচ (CRS)ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে উদ্বেগজনক তথ্য। এই প্ৰতিবেদনত পাকিস্তানৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য উন্মোচন কৰা হৈছে। প্ৰতিবেদন অনুসৰি, পাকিস্তানত ১২টা ভয়ংকৰ সন্ত্ৰাসবাদী সংগঠন আছে।
ইয়াৰে লস্কৰ-ই-তৈবা আৰু জৈইচ-ই-মহম্মদৰ দৰে ৫টা সন্ত্ৰাসবাদী সংগঠনে লক্ষ্য কৰি লৈছে ভাৰতক। ইণ্ডিপেণ্ডেণ্ট কংগ্ৰেছনেল ৰিছাৰ্চ ছাৰ্ভিচে প্ৰতিবেদনত উল্লেখ কৰে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰ্তৃপক্ষই পাকিস্তানক কেইবাটাও সশস্ত্ৰ সন্ত্ৰাসবাদী সংগঠনৰ আশ্ৰয়স্থল হিচাপে চিনাক্ত কৰিছে, য'ৰ পৰা তেওঁলোকে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলায়।
যোৱা সপ্তাহত কোৱাড সন্মিলনৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ দ্বিদলীয় গৱেষণা শাখাই প্ৰকাশ কৰা এক প্ৰতিবেদনত কোৱা হৈছিল যে পাকিস্তানৰ পৰা কাম কৰা এই গোটবোৰক বহলভাৱে পাঁচটা শ্ৰেণীত বিভক্ত কৰিব পাৰি। ইয়াৰ ভিতৰত আছে বিশ্বব্যাপী সন্ত্ৰাসবাদী সংগঠন, আফগান কেন্দ্ৰিক, ভাৰত আৰু কাশ্মীৰ কেন্দ্ৰিক, ঘৰুৱা সহযোগী সংগঠন আৰু ধৰ্ম-কেন্দ্ৰিক (চিয়াসকলৰ বিৰুদ্ধে) সন্ত্ৰাসবাদী সংগঠন।
চিআৰএছ প্ৰতিবেদনত কোৱা হৈছে যে ইয়াৰে কিছুমান সন্ত্ৰাসবাদী সংগঠন ১৯৮০ৰ দশকৰ পৰা বিদ্যমান। উল্লেখ্য, ১৯৮০ৰ দশকত পাকিস্তানত লস্কৰ-ই-তৈবা গঠন কৰা হৈছিল আৰু ২০০১ চনত ইয়াক বিদেশী সন্ত্ৰাসবাদী সংগঠন হিচাপে চিহ্নিত কৰা হৈছিল। ২০০৮ চনৰ ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে ভাৰতৰ মুম্বাইত হোৱা আন কেইবাটাও হাই-প্ৰফাইল আক্ৰমণৰ বাবে লস্কৰ-ই-তৈবা দায়ী বুলি ধাৰণা কৰা হয় বুলি চিআৰএছৰ প্ৰতিবেদনত উল্লেখ কৰিছে।
প্ৰতিবেদন অনুসৰি জৈইচ-ই-মহম্মদ ২০০০ চনত কাশ্মীৰী সন্ত্ৰাসবাদী নেতা মাছুদ আজহাৰৰ দ্বাৰা গঠন কৰা হৈছিল আৰু ২০০১ চনত ইয়াক বিশ্বব্যাপী সন্ত্ৰাসবাদী সংগঠন হিচাপেও চিনাক্ত কৰা হৈছিল। ২০০১ চনত ভাৰতীয় সংসদৰ ওপৰত হোৱা আক্ৰমণকে ধৰি আন কেইবাটাও আক্ৰমণৰ বাবে লস্কৰ-ই-তৈবাৰ সৈতে জৈইচ-ই-মহম্মদো দায়ী।
উল্লেখ্য, ৰাষ্ট্ৰসংঘৰ সাধাৰণ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানৰ নাম নোলোৱাকৈ দেশখন সন্ত্ৰাসবাদৰ ভূ–স্বৰ্গ বুলি উল্লেখ কৰিছিল। এই কথাক লৈ সাধাৰণ সভাখনত পাকিস্তানৰ তৰফৰ পৰা গৰিহণা দিয়া হৈছিল যদিও আমেৰিকাৰ চিআৰএছৰ প্ৰতিবেদনে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত পুনৰ পাকিস্তানৰ স্থিতি পোহৰলৈ আনে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|