ৰামটাঙোন! ১ এপ্ৰিলৰ পৰা বাঢ়িব বিদ্যুতৰ বিল! দাম বাঢ়িব স্মাৰ্টফোন, গাখীৰৰ লগতে বহু সামগ্ৰীৰ

News18 Assam | News18-Assam
Updated:March 26, 2021, 3:09 PM IST
ৰামটাঙোন! ১ এপ্ৰিলৰ পৰা বাঢ়িব বিদ্যুতৰ বিল! দাম বাঢ়িব স্মাৰ্টফোন, গাখীৰৰ লগতে বহু সামগ্ৰীৰ
১ এপ্ৰিলৰ পৰা দাম বাঢ়িব বহু প্ৰয়োজনীয় সামগ্ৰীৰ।

১ এপ্ৰিলৰ পৰা দাম বাঢ়িব বহু প্ৰয়োজনীয় সামগ্ৰীৰ।

  • Share this:
সাধাৰণ জনতাৰ মূৰত আকৌ ৰাম টাঙোন! অহা ১ এপ্ৰিলৰ পৰা দাম বাঢ়িব বহু আৱশ্যকীয় সামগ্ৰীৰ। পেট্ৰ'ল-ডিজেলৰ বৰ্ধিত মূল্যই সৰ্বসাধাৰণৰ ওপৰত প্ৰভাৱ পেলোৱাৰ সময়তে অহা ১ এপ্ৰিলৰ পৰা দাম বাঢ়িব গাখীৰ, শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰ(AC), ফেন(Fan), টিভি(TV), স্মাৰ্টফোন (Smartphone)ৰ ৷ লগতে ১ এপ্ৰিলৰ পৰাই অধিক হাৰত পৰিশোধ কৰিব লাগিব বিমানৰ ভাড়া,  টোল কৰ আৰু বিদ্যুতৰ মাচুল ।

১ এপ্ৰিলৰ পৰা গাখীৰৰ মূল্য ৩ টকাকৈ বৃদ্ধি পাব -

ব্যৱসায়ীসকলে গাখীৰৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত লৈছে। গাখীৰৰ ব্যৱসায়ীসকলে প্ৰতি লিটাৰ গাখীৰৰ মূল্য ৫৫ টকা কৰাৰ কথা উল্লেখ কৰিছিল। কিন্তু ব্যৱসায়ীসকলে কৈছে যে, তেওঁলোকে গাখীৰৰ মূল্য ৩ টকা বৃদ্ধি কৰিব। বৰ্ধিত মূল্য ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব।

ব্যয়বহুল হ’ব এক্সপ্ৰেছৱেত ভ্ৰমণ -

আগ্ৰা-লক্ষ্নৌ এক্সপ্ৰেছৱেত ভ্ৰমণ অধিক ব্যয়বহুল হ'ব। উত্তৰ প্ৰদেশ এক্সপ্ৰেছৱে ঔদ্যোগিক উন্নয়ন বিকাশ বোৰ্ডে ২০২১-২২ বৰ্ষৰ বাবে নতুন হাৰ অনুমোদন কৰিছে। সৰ্বনিম্ন ৫ টকা আৰু সৰ্বাধিক ২৫ টকা বৃদ্ধি কৰা হৈছে। নতুন হাৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব।

বিদ্যুতৰ বাবে পৰিশোধ কৰিব লাগিব অধিক মাচুল -

১ এপ্ৰিলৰ পৰা বিহাৰৰ জনসাধাৰণক ৰামটোঙোন শোধাবলৈ সাজু হৈছে বিদ্যুৎ বিভাগ। বিহাৰবাসীয়ে অহা মাহৰ পৰা অধিক বিদ্যুৎ বিল পৰিশোধ কৰিব লাগিব পাৰে। বিদ্যুৎ বিভাগৰ মতে, দক্ষিণ আৰু উত্তৰ বিহাৰ বিদ্যুৎ বিতৰণ কোম্পানীয়ে বিদ্যুৎ হাৰত ৯ৰ পৰা ১০ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ দিছে।

১ এপ্ৰিলৰ পৰা ব্যয়বহুল হ'ব বিমান ভ্ৰমণ -

যদিহে আপুনি প্ৰায়ে বিমানৰে ভ্ৰমণ কৰে, আপোনাৰ বাবে বেয়া খবৰ! শীঘ্ৰেই আপুনি বিমান ভ্ৰমণৰ বাবে অধিক ধন পৰিশোধ কৰিব লাগিব। শেহতীয়াকৈ, কেন্দ্ৰীয় চৰকাৰে ঘৰুৱা বিমানৰ ভাড়াৰ নিম্ন সীমা ৫ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। বিমান সুৰক্ষা মাচুলো ১ এপ্ৰিলৰ পৰা বৃদ্ধি হ'ব। ঘৰুৱা বিমানৰ বাবে ১ এপ্ৰিলৰ পৰা বিমান সুৰক্ষা মাচুল হ'ব ২০০ টকা ।

১ এপ্ৰিলৰ পৰা বৃদ্ধি হ'ব টিভিৰ মূল্য -

চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা টিভিৰ মূল্য ২,০০০ টকাৰ পৰা ৩,০০০ টকালৈ বৃদ্ধি হ'ব পাৰে। যোৱা ৮ মাহত, ইয়াৰ মূল্য ৩ ৰ পৰা ৪ হাজাৰ টকালৈ বৃদ্ধি পাইছিল।

ব্যয়বহুল হ'ব শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰ(AC), ফ্ৰিজ, কুলাৰ-

যদি আপুনি এই বছৰ গ্ৰীষ্মকালত শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰ(AC) বা ফ্ৰীজ ক্ৰয়ৰ কথা চিন্তা কৰি আছে তেন্তে আপোনাৰ বাবে চিন্তাৰ কাৰণ। এপ্ৰিলৰ পৰা এচি কোম্পানীবোৰে মূল্য বৃদ্ধিৰ পৰিকল্পনা কৰি আছে। কেঁচা সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে কোম্পানীবোৰে এচিৰ মূল্য বৃদ্ধি কৰিবলৈ প্ৰস্তুতি চলাই আছে।

বৃদ্ধি পাব গাড়ীৰ মূল্য -

এপ্ৰিলত গাড়ীৰ দাম বাঢ়িব পাৰে। জাপানৰ কোম্পানী নিচানে ইয়াৰ গাড়ীৰ মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰিছে ৷ ডাটচানৰ গাড়ীৰ মূল্যও বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। নিচানৰ গাড়ীৰ উপৰিও দেশৰ আটাইতকৈ সস্তা কমপেক্ট এছইউভি ৰেনল্ট কিগাৰো দাম বাঢ়িব।
Published by: Himangshu Bhuyan
First published: March 26, 2021, 3:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি