ৰিলায়েন্স জিঅ’ত এইবাৰ বিনিয়োগ কৰাৰ সিদ্ধান্ত ল’লে Abu Dhabi Investment Authorityয়ে। এই কথা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ তথা জিঅ’ প্লেটফৰ্মৰ ফালৰ পৰা জনোৱা হৈছে। ‘Abu Dhabi Investment Authority’য়ে জিঅ’ত ১.১৬ শতাংশ ইক্যুইটিৰ বাবে ৫,৬৮৩.৫০ কোটি টকা বিনিয়োগ কৰিছে।
বিগত ছটা সপ্তাহত আঠটা বৃহত্ প্ৰতিষ্ঠানে বিনিয়োগ কৰিলে জিঅ’ত। সেইদৰে যোৱা ছটা সপ্তাহত জিঅ’ত এতিয়ালৈকে মুঠতে ৯৭,৮৮৫ কোটি টকা বিনিয়োগ কৰিছে।
![]()
ইয়াৰ পূৰ্বে ফেচবুক, মুবাডালা, ভিষ্টা ইক্যুইটি পাৰ্টনাৰ, ক’লকাতা নাইট ৰাইডৰ্ছ, জেনেৰেল আটলাণ্টিক আৰু আমেৰিকাৰ দুটা প্ৰতিষ্ঠানে বিনিয়োগ কৰিছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|