আজি কেন্দ্ৰীয় কেবিনেটে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ক অনুমোদন জনায়। যোৱা বছৰ ISROৰ প্ৰাক্তন মুৰব্বী কে কস্তুৰীৰংগন কমিটীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ খচৰা প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰক জমা দিছিল। মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে এই খচৰা ৰাজহুৱা কৰি ৰাইজৰ পৰা পৰামৰ্শ বিচৰিছিল। মন্ত্ৰণালয়ে ২ লাখ ২৫ হাজাৰ পৰামৰ্শ লাভ কৰিছিল । আৰু কিছু পৰামৰ্শৰ ভিত্তিত চূড়ান্ত খচৰাত পৰিবৰ্তন কৰা হৈছে । ১৯৮৬ চনত কাৰ্যকৰী হৈছিল অন্তিমটো শিক্ষা নীতি। ১৯৯২ চনত এই শিক্ষা নীতিৰ কিছু সংশোধন ঘটোৱা হৈছিল।
কি আছে নতুন শিক্ষা নীতিতঃ
শিক্ষা ব্যৱস্থাত মাতৃভাষা, আধুনিক ভাৰতীয় ভাষা, আঞ্চলিক ভাষা আৰু সংস্কৃত ভাষাক অধিক গুৰুত্ব আৰোপ কৰা হ’ব। সেই ভাষা সমূহ বিকাশৰ লগতে শিক্ষাদানৰ মাধ্যম হিচাপে পূৰ্বতকৈ অধিক মাত্ৰাত ব্যৱহাৰ হ’ব।
তাৰে পৰিপ্ৰেক্ষিতত ‘Indian Institute of Translation and Interpretation’ গঠন হ’ব। উচ্চ সমাজ বিজ্ঞান, গণিত বা অৰ্থশাস্ত্ৰ বা বাস্তৱ বিজ্ঞান তাত্ত্বিক বিষয় সমূহৰ ভাৰতীয় ভাষাত সঠিক তৰ্জমা আৰু বাখ্যা কৰাৰ উদ্দেশ্যে এই প্ৰতিষ্ঠানৰ গঢ় দিয়া হ’ব।