আয়কৰৰ ক্ষেত্ৰত মোদী চৰকাৰে দিব পাৰে ডাঙৰ সকাহ, ৫–১০ লাখলৈ ১০%, ২০ লাখলৈ ২০% কৰৰ প্ৰস্তাৱ

যদি এই প্ৰস্তাৱ কাৰ্যকৰী হয় তেন্তে মধ্যবিত্তৰ পৰিয়ালৰ ওপৰত কৰৰ বোজা আধালৈ হ্ৰাস পাব।

News18-Assam
Updated:August 29, 2019, 9:51 AM IST
আয়কৰৰ ক্ষেত্ৰত মোদী চৰকাৰে দিব পাৰে ডাঙৰ সকাহ, ৫–১০ লাখলৈ ১০%, ২০ লাখলৈ ২০% কৰৰ প্ৰস্তাৱ
যদি এই প্ৰস্তাৱ কাৰ্যকৰী হয় তেন্তে মধ্যবিত্তৰ পৰিয়ালৰ ওপৰত কৰৰ বোজা আধালৈ হ্ৰাস পাব।
News18-Assam
Updated: August 29, 2019, 9:51 AM IST
মোদী চৰকাৰে আয়কৰৰ ক্ষেত্ৰত দিব পাৰে ডাঙৰ সকাহ। NEWS18ৰ মতে, ডাইৰেক্ট টেক্স কোডৰ ওপৰত গঠিত সমিতিয়ে মধ্যবিত্তৰ পৰা আয়কৰৰ বোজা হ্ৰাস কৰাৰ প্ৰস্তাৱ ৰাখিছে। যদি এই প্ৰস্তাৱ কাৰ্যকৰী হয় তেন্তে মধ্যবিত্তৰ পৰিয়ালৰ ওপৰত কৰৰ বোজা আধালৈ হ্ৰাস পাব।

ডাইৰেক্ট টেক্স কোড (DTC)ৰ ওপৰত গঠিত সমিতিয়ে ব্যক্তিগত আয়কৰৰ হাৰ সালসলনিৰ পৰামৰ্শ দিছে যাতে কৰফাঁকি হ্ৰাস কৰিব পৰা যায়। ব্যক্তিগত আয়কৰৰ হাৰ ৫, ১০ আৰু ২০ শতাংশ হিচাপে তিনিটা পৰ্যায়ৰ প্ৰস্তাৱ দিছে সমিতিয়ে। বৰ্তমান ৫, ২০ আৰ ৩০ শতাংশ হাৰত কৰ সংগ্ৰহ কৰা হয়।

এই প্ৰস্তাৱ অনুসৰি বছৰি ২.৫ লাখলৈ উপাৰ্জন কৰা লোকে ভৰিব নালাগে কোনো কৰ। ১০ লাখলৈ মাত্ৰ ১০ শতাংশ কৰৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। ১০ৰ পৰা ২০ লাখ টকাপৰ্যন্ত বছৰি আয়ত ২০ শতাংশ আৰু ২০ লাখৰ পৰা ২ কোটি টকা বছৰি আয়ত ৩০ শতাংশ কৰৰ প্ৰস্তাৱ ৰখা হৈছে। বছৰি ২ কোটিৰ অধিক আয়ত ৩৫ শতাংশ কৰৰ প্ৰস্তাৱ ৰাখিছে সমিতিয়ে।



উল্লেখযোগ্য যে ডাইৰেক্ট টেক্সত সংশোধনৰ বাবে গঠিত টাস্ক ফ’ৰ্চে বিগত সপ্তাহত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ হাতত দাখিল কৰিছে প্ৰতিবেদন। টাস্ক ফ’ৰ্চে সাধাৰণ জনতাৰ বাবে আয়কৰৰ হাৰ আৰু পৰ্যায়ত ব্যাপক সালসলনিৰ প্ৰস্তাৱ দিছে।

CNBC আৱাজৰ সূত্ৰ অনুসৰি, আয়কৰক লৈ টাস্ক ফ’ৰ্চে মধ্যবিত্তৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। ইয়াত আয়কৰৰ ন্যূনতম সীমা বৃদ্ধি কৰি ৬.২৫ লাখ টকা কৰা হৈছে। বৰ্তমান আয়কৰৰ ন্যূনতম সীমা ৫ লাখ টকা।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি