আজি মিছাইল মেন এ পি জে আব্দুল কালামৰ মৃত্যুবাৰ্ষিকী

আজিৰ পৰা চাৰি বছৰৰ পূৰ্বে শ্বিলঙত শেষ নিশ্বাস ত্যাগ কৰিছিল এ পি জে আব্দুল কালামে

News18-Assam
Updated:July 27, 2019, 10:36 AM IST
আজি মিছাইল মেন এ পি জে আব্দুল কালামৰ মৃত্যুবাৰ্ষিকী
Source-Google
News18-Assam
Updated: July 27, 2019, 10:36 AM IST
আজি মিছাইল মেন খ্যাত, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ চতুৰ্থ মৃত্যুবাৰ্ষিকী। ২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙত শেষ নিশ্বাস ত্যাগ কৰিছিল এই গৰাকী মহান ব্যক্তিয়ে। নিজৰ কৰ্মৰাজী, চিন্তা ধাৰাই সমগ্ৰ বিশ্ববাসীকে মুগ্ধ কৰাৰ লগতে  দেশৰ প্ৰগতি আৰু বিকাশৰ লক্ষ্যৰে কাম কৰা  আব্দুল কালামৰ সম্পূ্ৰ্ণ নাম আছিল আবুল পাকিৰ জয়নালআবেদিন আব্দুল কালাম ৷

১৯৬২ চনত ভাৰতীয় মহাকাশ গৱেষনা কেন্দ্ৰ চমুকৈ (ISRO)-ত যোগদান কৰিছিল আব্দুল কালামে। ভাৰতৰ পৰমাণু পৰীক্ষণত আব্দুল কালামৰ অৱদান আছিল অপৰিসীম ৷ ISRO-ৰ সৈতে 20 বছৰ জড়িত হৈ থকাৰ পিচত 10 বছৰৰ বাবে DRDO-ৰ অধ্যক্ষ হিচাপে কৰ্মৰত আছিল কালাম ৷ 'অগ্নি' আৰু 'পৃথ্বী' মিছাইলৰ নিৰ্মাণ কাৰ্যতো কালামৰ অৱদান আছিল উল্লেখনীয়। আব্দুল কালাম 2002 বৰ্ষৰ 18 জুলাইত ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল ৷  2007 বৰ্ষৰ 25 জুলাইলৈকে আব্দুল কালামে দেশৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ভাৰতৰ বিজ্ঞানৰ ক্ষেত্ৰ খনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ১৯৯৭ চনত  ভাৰতৰত্নৰে সন্মানিত কৰা হৈছিল আব্দুল কালামক ৷ তাৰোপৰি, 1990 বৰ্ষত পদ্মবিভূষণ আৰু 1981 বৰ্ষত ভাৰতৰত্নৰে সন্মানিত কৰা হৈছিল কালামক ৷ 2000 বৰ্ষত ৰামানুজন বঁটাৰে পুৰস্কৃত কৰা হৈছিল কালামক৷

২০১৫ চনৰ ২৭ জুলাইত উত্তৰ-পূৰ্বাঞ্চলৰ শ্বিলঙত আকস্মিকভাৱে নিয়তিৰ ওচৰত হাৰ মানিছিল ডo আব্দুল কালাম ৷ আব্দুল কালামৰ মৃত্যু আছিল সমগ্ৰ দেশ তথা বিশ্বৰ বাবেই আছিল অপূৰণীয় ক্ষতি। আজিৰ তেখেতৰ মৃত্যুবাৰ্ষিকীৰ দিনা সমগ্ৰ দেশেই শ্ৰদ্ধাৰে সুৱৰিছে এইগৰাকী দেশৰ সুপুত্ৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি