বিমান বন্দৰত সুদীৰ্ঘ ২৪ বছৰ ধৰি এখন বিমান ৰৈ আছে৷ এবাৰ অৱতৰণ কৰাৰ পিছত ই আকৌ কেতিয়াও ক'লৈকো যোৱা নাই৷ নাগপুৰ বিমানবন্দৰত সুদীৰ্ঘ ২৪ বছৰ ধৰি এখন বিমান ৰৈ থকা এক অদ্ভুত ঘটনা সংঘটিত হৈছিল। এক আচহুৱা যেন লগা সঁচা কাহিনী।
১৯৯১ চনত ইঞ্জিনৰ সমস্যাৰ বাবে নাগপুৰ বিমানবন্দৰত এখন বোয়িং-৭২০ (Boeing 720) বিমানে জৰুৰী অৱতৰণ কৰিব লগা হৈছিল৷ বোয়িং-৭২০ বিমান বৰ্তমান দৃশ্যমান নহয় বুলিয়েই ক'ব পাৰি৷ নাগপুৰ বিমানবন্দৰত অৱতৰণ কৰা বিমানখন সেই সময়ত এটা ব্যক্তিগত কোম্পানী কণ্টিনেণ্টেল এভিয়েচন প্ৰাইভেট লিমিটেডৰ (CAPL) হাতত আছিল৷ বিমানখনৰ ইঞ্জিনৰ সমস্যাৰ বাবে নাগপুৰ বিমানবন্দৰত অৱতৰণ কৰোৱা হৈছিল আৰু যাত্ৰী–বিমান কৰ্মীয়ে তাৰ পৰা নামি গন্তব্যস্থললৈ গুচি গৈছিল।
ইয়াৰ পিছত বছৰ বছৰ ধৰি ৰান ৱে'ত পৰি থাকে বিমানখন। কোম্পানীটোৱে বিমানখনক লৈ একোৱে নকৰিলে। বিমানখন বিমানবন্দৰত ৰখোৱাৰ বাবে পাৰ্কিং মাচুল পৰিশোধ কৰিব লগা হোৱাত এয়াও দিবলৈ অস্বীকাৰ কৰে কোম্পানীটোৱে। গোচৰ গৈ আদালত পায়। কিন্তু বিমানখনক লৈ একোৱে কৰিব বিচৰা নাছিল সংস্থাটোৱে। যেন ই এক অভিশপ্ত বিমান।
বিমানখন ৰানৱেৰ পৰা বেছি দূৰত নাছিল বাবে ইয়াকে লৈ নাগপুৰ বিমানবন্দৰ কৰ্তৃপক্ষক বহুবাৰ সতৰ্ক কৰি দিছিল। কিন্তু বিমান লৰচৰ কৰা নাছিল বন্দৰ কৰ্তৃপক্ষয়ো। অৱশেষত, ২০১৫ চনত বিমানবন্দৰৰ নতুন সঞ্চালক আহি সমস্যাটো আধা ঘণ্টাৰ ভিতৰতে সমাধান কৰে।
বোয়িং-৭২০খন নাগপুৰ ফ্লায়িং ক্লাবলৈ উৰুৱাই নিয়া হৈছিল৷ দীৰ্ঘদিন ধৰি পৰি থকাৰ পিছতো কিন্তু বিমানখনৰ ইঞ্জিন পৰীক্ষাৰ পিছত টায়াৰবোৰ স্থানান্তৰ কৰি ফ্লায়িং ক্লাবলৈ স্থানান্তৰ কৰাটো সম্ভৱ হৈছিল৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|