দিল্লীত অনুষ্ঠিত ৰাজিন্দৰ নগৰ বিধানসভাৰ উপ-নিৰ্বাচন (Delhi By Poll)ত আম আদমী পাৰ্টি (AAP)ৰ জয়লাভ। AAPৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal) এই জয়ক বিজেপিৰ “লেতেৰা ৰাজনীতি”ৰ পৰাজয় বুলি অভিহিত কৰি ৰাজধানীত তেওঁৰ দলৰ চৰকাৰে কৰা কামৰ প্ৰশংসা কৰাৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। দেওবাৰৰ উপ-নিৰ্বাচনত আম আদমী পাৰ্টীৰ দুৰ্গেশ পাঠকj হাতত ১১ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত হয় বিজেপিৰ প্ৰাৰ্থী ৰাজেশ ভাটিয়া।
“১৮ ৰাউণ্ডৰ গণনা সম্পূৰ্ণ হৈছে। আপৰ প্ৰাৰ্থী দুৰ্গেশ পাঠকে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ৰাজেশ ভাটিয়া (BJP)ক ১১ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰে, ”দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়া ৰণবীৰ সিঙে কয়।
ৰাইজক ধন্যবাদ জ্ঞাপন কৰি কেজৰিৱালে হিন্দীত টুইট কৰি কয়, ‘ৰাজিন্দৰ নগৰবাসীলৈ আন্তৰিক ধন্যবাদ। এই অপৰিসীম চেনেহ আৰু মৰমৰ বাবে মই দিল্লীবাসীৰ ওচৰত কৃতজ্ঞ। ই আমাক অধিক কষ্ট কৰি সেৱা আগবঢ়াবলৈ প্ৰেৰণা দিব। মানুহে তেওঁলোকৰ লেতেৰা ৰাজনীতিক পৰাস্ত কৰিছে আৰু আমাৰ ভাল কামৰ প্ৰশংসা কৰিছে। ধন্যবাদ ৰাজিন্দৰ নগৰ, ধন্যবাদ দিল্লী।”
উল্লেখ্য যে AAPৰ দুৰ্গেশ পাঠকে ৪০,৩১৯টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ৰাজেশ ভাটিয়াই লাভ কৰে ২৬,৬৫১টা ভোট। বিজয়ৰ ব্যৱধান আছিল ১১,৪৬৮টা ভোট।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|