দিল্লীৰ সুৰা নীতি সন্দৰ্ভত আম আদমী পাৰ্টী চমুকৈ আপ আৰু বিজেপিৰ মাজত বাকযুদ্ধ চলি আছে। আপৰ বিধায়িকা তথা প্ৰবক্তা আতিসিয়ে বুধবাৰে এখন সংবাদমেলত বিজেপিক কটাক্ষ কৰে। তেওঁ কয় যে আপৰ বিধায়কসকলৰ প্ৰতিনিধি মণ্ডলে চিবিআইক লগ কৰিব যাব আৰু লগতে দেশব্যাপী বিধায়কসকলক ক্ৰয় কৰাৰ বিষয়টো তদন্তৰ দাবী কৰিব। তেখেতৰ মতে, তেওঁলোকে চিবিআইক লগ কৰাৰ বাবে সময় বিচাৰিছিল যদিও বৰ্তমানলৈ সময় দিয়া নাই। আতিসিয়ে লগতে কয় যে যদি চিবিআইয়ে সময় নিদিয়ে তেন্তে আজি ৩ বজাত ১০ জন বিধায়কৰ প্ৰতিনিধি মণ্ডল চিবিআই কাৰ্যালয় যাব।
ভাৰতে স্বাধীনতাৰ ৭৫তম বৰ্ষপূৰ্তি উদযাপন কৰি আছে আৰু গৌৰাম্বিত অনুভব কৰিছে যে দেশত গণতন্ত্ৰ বৰ্তী আছে। কিন্তু ভাৰতৰ গণতন্ত্ৰক শাসনাধিষ্ঠ বিজেপি দলৰ পৰা ভয় আছে বুলি আপৰ বিধায়িকা আতিসিয়ে কয়।
যেতিয়া বিজেপি এখন ৰাজ্যত নিৰ্বাচনত পৰাজিত হয় আৰু আন এটা দলে চৰকাৰ গঠন কৰে, তেতিয়া বিজেপিৰ অভিযান সেই ঠাইত আৰম্ভ হয়। প্ৰথমতে কেন্দ্ৰৰ সকলো অনুসন্ধানকাৰী সংস্থা ব্যৱহাৰ কৰে। চৰকাৰত থকা ৰাজ্যখনৰ নেতাসকলৰ ওপৰত চিবিআই, ইডিৰ অভিযান চলোৱা হয় আৰু এটা বাৰ্তা প্ৰেৰণ কৰা হয় যে তেওঁলোকৰ বিৰুদ্ধে সকলো তদন্ত বন্ধ কৰা হ'ব। আতিসিয়ে কয় যে, বিজেপিয়ে বিধায়ক ক্ৰয় কৰিবলৈ ক'ৰ পৰা টকা পায় সেই বিষয়ে উত্তৰ দিব লাগে।
বিজেপিক আক্ৰমণ কৰি আতিসিয়ে কয় যে যদি বিজেপিৰ বাহিৰে কোনো দলে চৰকাৰ গঠন কৰে, তেন্তে বিজেপিয়ে তেওঁলোকক কোটি টকা দিয়াৰ প্ৰস্তাৱ দিয়ে। এইটো কেৱল দিল্লীত নহয় বৰঞ্চ বিভিন্ন ৰাজ্যত ব্যৱহাৰ কৰা হৈছে। এই নীতিৰে বিজেপিয়ে মধ্যপ্ৰদেশ, গোৱা, মহাৰাষ্ট্ৰ, কৰ্ণাটক চৰকাৰক উৎখাত কৰিছিল। বিজেপিয়ে দিল্লীত অপাৰেচন লোটাছ ফৰ্মুলা গ্ৰহণ কৰিবলৈ চেষ্টা কৰি আছে। প্ৰথমে উপ মুখ্যমন্ত্ৰীক প্ৰস্তাৱ দিয়া হয়, তাৰ পিছত বিধায়কসকলক ২০ কোটি টকাকৈ আগবঢ়োৱা হয় বুলি আতিসিয়ে সংবাদমেলত ব্যক্ত কৰে। বিজেপিয়ে বৰ্তমানলৈকে ২৭৭ জন বিধায়কক অপাৰেচন লোটাছ নীতিৰে ক্ৰয় কৰিছে। ২৭৭ৰ লগতে দিল্লীৰ ৪৪ জন বিধায়কক গণনা কৰিলে মুঠ ৬,৩০০ কোটি ব্যয় কৰা হৈছে বুলিও জনায়।
আতিসিয়ে কয় যে, কেৱল দিল্লীত নহয় বৰঞ্চ সমগ্ৰ দেশজুৰি চিবিআইৰ তদন্ত হ'ব লাগে। মহাৰাষ্ট্ৰ, কৰ্ণাটক, গোৱাৰ,মধ্যপ্ৰদেশ এই সকলো ৰাজ্যৰ বাবে দেশজুৰি তদন্ত হ'ব লাগে। এই অনুসন্ধান এটা ৰাজ্যৰ এলজিৰ দ্বাৰা কৰা উচিত নহয়, কিন্তু দেশব্যাপী হ'ব লাগে। ইডিৰ দ্বাৰা এই টকাৰ তদন্ত কৰা উচিত বুলিও আপৰ বিধায়িকাগৰাকীয়ে কয়।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 31, 2022, 14:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।