বিজয়ৰ পিছত আজি AAPৰ নৱনিৰ্বাচিত বিধায়কৰ বৈঠক, নিৰ্বাচিত হ’ব বিধায়িনী দলৰ নেতা

News18 Assam | News18-Assam
Updated:February 12, 2020, 7:39 AM IST
বিজয়ৰ পিছত আজি AAPৰ নৱনিৰ্বাচিত বিধায়কৰ বৈঠক, নিৰ্বাচিত হ’ব বিধায়িনী দলৰ নেতা
Photo : India TV News

দিল্লী বিধানসভা নিৰ্বাচনত ৬২খন আসন লাভ কৰিছে আম আদমী পাৰ্টীয়ে। তাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে ৮খন আসন।

  • Share this:
দিল্লীত পুনৰ চৰকাৰ গঠনৰ পথ প্ৰশস্ত হোৱাৰ পিছত অৰবিন্দ কেজৰিৱালে আজি নিজৰ বাসগৃহত আয়োজন কৰিছে নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠক। আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা গোপাল ৰায়ে জনালে এই কথা। আজি দিনৰ ১১.৩০ বজাত আয়োজন কৰা হৈছে এই বৈঠকৰ। বৈঠকত নিৰ্বাচন কৰা হ’ব বিধায়িনী দলৰ নেতা।

আন এজন AAPৰ নেতাই জনায় যে মুখ্যমন্ত্ৰী পদৰ শপতগ্ৰহণৰ বাবে দুটা তাৰিখ ১৪ ফেব্ৰুৱাৰী আৰু ১৬ ফেব্ৰুৱাৰী নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰে কোনো এটা তাৰিখতে হ’ব শপতগ্ৰহণ সমাৰোহ। দিল্লীৰ ৰামলীলা ময়দানত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এতিয়াও সঠিক সিদ্ধান্ত হোৱা নাই।

উল্লেখযোগ্য যে দিল্লী বিধানসভা নিৰ্বাচনত ৬২খন আসন লাভ কৰিছে আম আদমী পাৰ্টীয়ে। তাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে ৮খন আসন। আম আদমী পাৰ্টীয়ে লাভ কৰিছে প্ৰায় ৫৪ শতাংশ ভোট। বিজেপিয়ে লাভ কৰিছে ৩৮.৫১ শতাংশ ভোট। আনহাতে, মাত্ৰ ৪ শতাংশ ভোট লাভ কৰা কংগ্ৰেছে এখনো আসন দখল কৰিবলৈ সক্ষম নহ’ল দিল্লীত।
আৰু চাওক
পৰৱৰ্তী বাতৰি