• Home
  • »
  • News
  • »
  • nation
  • »
  • Sanjay Singh : আপ নেতাই কেমেৰাৰ সন্মুখতে ফালিলে দিল্লীৰ লেফটেনেণ্ট গৱৰ্নৰৰ মানহানি গোচৰৰ জাননী

Sanjay Singh : আপ নেতাই কেমেৰাৰ সন্মুখতে ফালিলে দিল্লীৰ লেফটেনেণ্ট গৱৰ্নৰৰ মানহানি গোচৰৰ জাননী

লেফটেনেণ্ট গৱৰ্ণৰৰ অধিবক্তাই আপৰ ৫ জন শীৰ্ষ নেতালৈ আইনী জাননী প্ৰেৰণ কৰিছিল।

লেফটেনেণ্ট গৱৰ্ণৰৰ অধিবক্তাই আপৰ ৫ জন শীৰ্ষ নেতালৈ আইনী জাননী প্ৰেৰণ কৰিছিল।

লেফটেনেণ্ট গৱৰ্ণৰৰ অধিবক্তাই আপৰ ৫ জন শীৰ্ষ নেতালৈ আইনী জাননী প্ৰেৰণ কৰিছিল।

  • Share this:
দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ বিনয় কুমাৰ চাক্সেনাৰ মানহানি গোচৰৰ জাননী সাংবাদিকৰ সন্মুখত ফালিলে আপৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে। সাংসদ সঞ্জয় সিঙে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ বিনয় কুমাৰ ছাক্সেনাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি এখন সংবাদমেলত দাবী কৰে যে খাদী আৰু গাঁও উদ্যোগ আয়োগৰ অধ্যক্ষ হৈ থকা সময়ত চাক্সেনাই কোটি টকাৰ কেলেংকাৰি কৰিছিল।

এইক্ষেত্ৰত তেওঁ লেফটেনেণ্ট গৱৰ্নৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে চিবিআই আৰু ইডিৰ দ্বাৰা বিষয়টোৰ তদন্ত কৰাৰ দাবী জনাইছিল। এই অভিযোগ উত্থাপন কৰাৰ বাবে চাক্সেনাই পাঁচজন আপ নেতালৈ আইনী জাননী প্ৰেৰণ কৰে।

বুধবাৰে সংবাদমেলত এই আইনী জাননীখনে ফালে আপ নেতা সঞ্জয় সিঙে। সিঙে কয় যে ভাৰতৰ সংবিধানে তেওঁক সঁচা কথা কোৱাৰ অধিকাৰ প্ৰদান কৰিছে। গতিকে তেওঁ কোনো দুৰ্নীতিগ্ৰস্ত ব্যক্তিৰ জাননীত ৰৈ যাব নোৱাৰে। জাননীখন কেইবাটাও টুকুৰাত ফালি পেলাই সিঙে কয়– "মই এনেধৰণৰ জাননী ১০ বাৰ ফালি পেলাই দিব পাৰোঁ।"

উল্লেখ্য, সঞ্জয় সিঙে সোমবাৰে অভিযোগ কৰিছিল যে খাদী গাঁও উদ্যোগ আয়োগৰ অধ্যক্ষ বিনয় কুমাৰ চাক্সেনাই তেওঁৰ কন্যা শিৱাংগী চাক্সেনাক মুম্বাইত খাদী লাউঞ্জৰ ডিজাইন কৰাৰ বাবে ৮০ কোটি টকাৰ ঠিকা দিছিল। তেওঁ অভিযোগ কৰিছিল যে ছাক্সেনাই অধ্যক্ষ হৈ থকাৰ সময়তে বিমুদ্ৰাকৰণৰ সময়ত কোটি কোটি টকা অপব্যৱহাৰ কৰিছিল। এই অভিযোগৰ পিছতে লেফটেনেণ্ট গৱৰ্ণৰৰ অধিবক্তাই আপৰ ৫ জন শীৰ্ষ নেতালৈ আইনী জাননী প্ৰেৰণ কৰে।

জাননীত কোৱা হৈছে যে লেফটেনেণ্ট গৱৰ্নৰৰ বিৰুদ্ধে মিছা আৰু বিভ্ৰান্তিকৰ কথা প্ৰচাৰ কৰা হৈছে। মিছা আৰু অপমানজনক বক্তব্যৰ বন্ধ কৰিব লাগে আৰু ৪৮ ঘণ্টাৰ ভিতৰত নেতাসকলৰ পৰা উত্তৰ বিচৰা হৈছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি