প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ জনালে অৰবিন্দ কেজৰিৱালে, দেওবাৰে ল’ব মুখ্যমন্ত্ৰী পদৰ শপত

Photo : News Nation
দিল্লীৰ ৰামলীলা ময়দানত আয়োজন কৰা হ’ব শপত গ্ৰহণ অনুষ্ঠানৰ।
- News18 Assam
- Last Updated: February 14, 2020, 3:16 PM IST
দিল্লীৰ নিৰ্বাচনত ঐতিহাসিক বিজয়ৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে অৰবিন্দ কেজৰিৱালক জনাইছিল শুভেচ্ছা। মোদীয়ে টুইট কৰি লিখিছিল – ‘আম আদমী পাৰ্টী আৰু অৰবিন্দ কেজৰিৱালক দিল্লীৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে শুভেচ্ছা জনাইছো। মই আশা কৰিছো যে দিল্লীৰ জনতাই আশাবোৰ পূৰণ কৰিব।’
মোদীৰ টুইটৰ প্ৰত্যুত্তৰত কেজৰিৱালে লিখিছিল – ‘আপোনাক ধন্যবাদ ছাৰ। মই কেন্দ্ৰীয় চৰকাৰৰ সৈতে মিলি কাম কৰাৰ বাবে ইচ্ছুক। আমি দিল্লীক বিশ্বস্তৰীয় চহৰ হিচাপে গঢ়ি তোলাৰ বাবে কাম কৰিম।’