দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বিজয়। ইয়াৰ লগে লগে দলটোৱে ১৫ বছৰে দিল্লী পৌৰ নিগম (MCD)ৰ ক্ষমতাত থকা বিজেপিক বিদায় দিয়ে। মুঠ ২৫০খন আসনৰ আটাইকেইখনৰে ফলাফল ঘোষণা কৰা হৈছে। আম আদমী পাৰ্টিয়ে ১৩৪খন, বিজেপিয়ে ১০৪ খন, কংগ্ৰেছে ৯ খন আৰু অন্যান্যই ৩ খন আসন লাভ কৰিছে।
বিজয়ৰ পিছত আপৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱা অৰবিন্দ কেজৰিৱালে কয়- ''১৫ বছৰীয়া দুৰ্নীতিগ্ৰস্ত বিজেপিক আঁতৰাই দিল্লীৰ ৰাইজে আপক সংখ্যাগৰিষ্ঠতা দিছে, এয়া ডাঙৰ দায়িত্ব। দিল্লী চাফা কৰা, দুৰ্নীতি দূৰ কৰা, উদ্যান ঠিক কৰাকে ধৰি বহু দায়িত্ব দিল্লীবাসীয়ে মোক দিছে। আপোনালোকৰ এই আস্থা অটুট ৰাখিবলৈ মই দিনে নিশাই চেষ্টা কৰিম। দিল্লীবাসীক অভিনন্দন জনাইছোঁ।''
আনহাতে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই আদমী পাৰ্টিক বিশ্বাসত লোৱা বাবে দিল্লীৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|