আম আদমী পাৰ্টীয়ে শনিবাৰে স্পষ্ট কৰি দিছে যে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত যুটীয়া বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাক সমৰ্থন কৰিব। আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে এই তথ্য দিছে।
দৰাচলতে, আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিষয়ে আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত আম আদমী পাৰ্টিৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ (পিএচি) এখন বৈঠক আহ্বান কৰা হৈছিল। পিএচিৰ বৈঠকত অৰবিন্দ কেজৰিৱাল, মনীষ চিছোদিয়া, সঞ্জয় সিং, গোপাল ৰায়, আতিশী মাৰ্লেনা, ৰাঘৱ চাধা, ইমৰান হুছেইন আৰু ৰাখী বিৰলাকে ধৰি আম আদমী দলৰ ১১ জন সদস্য উপস্থিত আছিল।
বৈঠকৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰি আপৰ ৰাজ্যসভাৰ সদস্য সঞ্জয় সিঙে কয়, "আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অধ্যক্ষতাত দলটোৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় আৰু সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লয় যে ৰাষ্ট্ৰপতি পদৰ বাবে এই নিৰ্বাচনত আমি বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাক সমৰ্থন কৰিম।"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|