• Home
  • »
  • News
  • »
  • nation
  • »
  • আম আদমী পাৰ্টীত যোগদান কৰিব নেকি নৱজোৎ সিং সিদ্ধুৱে?

আম আদমী পাৰ্টীত যোগদান কৰিব নেকি নৱজোৎ সিং সিদ্ধুৱে?

এই সন্দৰ্ভত আম আদমী পাৰ্টীৰ পঞ্জাৱৰ মুৰব্বী ভগৱন্ত মানে বুধবাৰে কয় যে ক্ৰিকেটাৰৰ পৰা ৰাজনীতিলৈ অহা সিদ্ধুৰ সৈতে এতিয়ালৈ এই সন্দৰ্ভত কোনো আনুষ্ঠানিক আলোচনা হোৱা নাই।

  • Share this:
পঞ্জাবত ২০২২ত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ বিধায়ক নৱজোৎ সিং সিদ্ধুৱে আম আদমী পাৰ্টীত যোগদান কৰিব নেকি? এই সন্দৰ্ভত আম আদমী পাৰ্টীৰ পঞ্জাৱৰ মুৰব্বী ভগৱন্ত মানে বুধবাৰে কয় যে ক্ৰিকেটাৰৰ পৰা ৰাজনীতিলৈ অহা সিদ্ধুৰ সৈতে এতিয়ালৈ এই সন্দৰ্ভত কোনো আনুষ্ঠানিক আলোচনা হোৱা নাই। ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰি ৰাজ্যৰ কল্যাণৰ বাবে কাম কৰিব বিচৰা সকলো লোকৰ বাবে দলৰ দুৱাৰ মুকলি আছে।

সংগৰুৰৰ সাংসদগৰাকীয়ে কয় যে সিদ্ধুৰ চৰিত্ৰৰ ওপৰত কোনোৱে সন্দেহ কৰিব নোৱাৰে। তেওঁ এগৰাকী সৎ ব্যক্তি। মই তেওঁ ক্ৰিকেটাৰ হৈ থকা দিনৰে পৰা তেওঁৰ প্ৰশংসক। এতিয়ালৈকে আনুষ্ঠানিকভাৱে তেওঁৰ সৈতে আমাৰ কোনো কথা–বাৰ্তা হোৱা নাই।

উল্লেখযোগ্য যে ২০১৭ চনত অনুষ্ঠিত পঞ্জাব বিধানসভা নিৰ্বাচনৰ পূৰ্বে নৱজোৎ সিং সিদ্ধুৱে বিজেপিৰ পিছত আম আদমী পাৰ্টীত যোগদান কৰিব বুলি চৰ্চা চলিছিল। কিন্তু দুয়োপক্ষৰ মাজত সহমত নোহোৱা বাবে পিছত কংগ্ৰেছত যোগদান কৰিছিল সিদ্ধুৱে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি