বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / দেশ / Aadhaar Update: UIDAI বাতিল কৰিলে ৬ লাখ ভুৱা আধাৰ নম্বৰ; আপোনাৰ আধাৰ কাৰ্ড আচল হয় নে নহয় পৰীক্ষা কৰক

Aadhaar Update: UIDAI বাতিল কৰিলে ৬ লাখ ভুৱা আধাৰ নম্বৰ; আপোনাৰ আধাৰ কাৰ্ড আচল হয় নে নহয় পৰীক্ষা কৰক

Aadhaar Update: UIDAI বাতিল কৰিলে ৬ লাখ ভুৱা আধাৰ নম্বৰ; আপোনাৰ আধাৰ কাৰ্ড আচল হয় নে নহয় পৰীক্ষা কৰক

Aadhaar Update: ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ চমুকৈ UIDAIয়ে প্ৰায় ৬ লাখ ভুৱা আধাৰ নম্বৰ (Aadhaar numbers) বাতিল কৰা বুলি প্ৰকাশ কৰিছে চৰকাৰে ।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ চমুকৈ UIDAIয়ে প্ৰায় ৬ লাখ ভুৱা আধাৰ নম্বৰ (Aadhaar numbers) বাতিল কৰা বুলি প্ৰকাশ কৰিছে চৰকাৰে । এই সকলোবোৰ আধাৰ নম্বৰ ডুপ্লিকেট বা ভুৱা আছিল বুলি ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তিৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে যোৱা সপ্তাহৰ আৰম্ভণিতে সংসদ (Parliament)ৰ অধিবেশনৰ কাৰ্যসূচীৰ সময়ত সংসদত অৱগত কৰিছিল। ভুৱা আধাৰ কাৰ্ড (Fake Aadhaar cards) আৰু আধাৰ নম্বৰ প্ৰায়ে গুৰুতৰ অপৰাধ সংঘটিত কৰাৰ বাবে ব্যৱহাৰ কৰা হয়, আৰু UIDAIয়ে নিয়মিতভাৱে ইয়াক নিষিদ্ধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে।

বিজ্ঞাপন

লোকসভাৰ বৰ্ষাকালীন অধিবেশনৰ সময়ত সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ডুপ্লিকেট আধাৰ (duplicate Aadhaar) প্ৰদানৰ বিষয়টোৰ সৈতে মোকাবিলা কৰাৰ বাবে কৰ্তৃপক্ষই পদক্ষেপ গ্ৰহণ কৰিছে। চন্দ্ৰশেখৰে আৰু উল্লেখ কৰে যে নকল আধাৰ নম্বৰ বিষয়টো সমাধান কৰিবলৈ আধাৰ (Aadhaar) ভেৰিফিকেচনৰ কৰিবলৈ অতিৰিক্ত বৈশিষ্ট্য হিচাপে ‘মুখ’ (face) সংযোজন কৰা হৈছে, যাৰ ফলত ৫,৯৮,৯৯৯টা আধাৰ নম্বৰ বাতিল কৰা হৈছে।

আপোনাৰ আধাৰ নম্বৰ আচল নে নকল কেনেকৈ জানিব

ষ্টেপ ১: যদি আপুনি আপোনাৰ হাতত থকা আধাৰ নম্বৰটো আচল নে ভুৱা সেইটো পৰীক্ষা কৰিব বিচাৰে, তেন্তে UIDAI ৰ অফিচিয়েল ৱেবছাইটলৈ যাওক –  https://resident.uidai.gov.in/offlineaadhaar.

ষ্টেপ ২: ইয়াৰ পিছত ‘Aadhaar Verify’ সেৱা বিকল্পটো নিৰ্বাচন কৰক। আপুনিও পোনপটীয়াকৈ https://myaadhaar.uidai.gov.in/verifyAadhaar লিংকত গৈ আধাৰ প্ৰামাণ্যতা পৰীক্ষা কৰিব পাৰে।

ষ্টেপ ৩ : ইয়াৰ পিছত আগলৈ যাবলৈ ১২ অংকৰ আধাৰ নম্বৰ বা ১৬ অংকৰ ভাৰ্চুৱেল আইডি দিয়ক।

বিজ্ঞাপন

ষ্টেপ ৪: যেতিয়া আপুনি নম্বৰটো দি শেষ কৰিব, তেতিয়া পৰ্দাত প্ৰদৰ্শিত সুৰক্ষা ক’ডটো দিয়ক আৰু এটা ৱান টাইম পাছৱৰ্ড বা OTPৰ বাবে অনুৰোধ কৰক। আপুনি TOTPৰ বাবেও অপচন বাছনি কৰিব পাৰে।

ষ্টেপ ৫: আপুনি এতিয়া সাধাৰণতে আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত দিয়া আধাৰ নম্বৰ বা ভাৰ্চুৱেল আইডিৰ বাবে OTP লাভ কৰিব। ৱেবছাইটত OTP  দিয়ক।

বিজ্ঞাপন

ষ্টেপ ৬: ই আপোনাক এটা নতুন পৃষ্ঠালৈ পুনৰ নিৰ্দেশিত কৰিব য’ত আপুনি এটা বাৰ্তা পাব য’ত লিখা থাকিব যে আপোনাৰ আধাৰ নম্বৰ বৈধ হয় নে নহয়।

ষ্টেপ ৭: বাৰ্তাৰ লগতে সংশ্লিষ্ট আধাৰ নম্বৰৰ বাবে নাম, ৰাজ্য, বয়স, লিংগ আদিও পৰ্দাত প্ৰতিফলিত হ’ব। যদি এই সকলোবোৰ সবিশেষ প্ৰদৰ্শিত হয়, তেন্তে আপোনাৰ লগত থকা আধাৰ নম্বৰটো প্ৰকৃত বা বৈধ।

বিজ্ঞাপন

ইয়াৰ বাহিৰেও আধাৰ লেটাৰ/ ইআধাৰ/ আধাৰ পিভিচি কাৰ্ডত প্ৰিন্ট কৰা QR ক’ডটো এটা স্কেন কৰি আধাৰ অফলাইনত ভেৰিফাই কৰা হয়।

এটা ভুৱা আধাৰ ব্যৱহাৰ কৰি ব্যৱহাৰকাৰীৰ নামত অপৰাধ সংঘটিত কৰিব পাৰি আৰু প্ৰৱঞ্চকসকলেও প্ৰায়ে একে কাম কৰিবলৈ এই কৌশল ব্যৱহাৰ কৰে। ১২ অংকৰ সংখ্যাটো প্ৰতিজন ভাৰতীয় নাগৰিকৰ বাবে পৰিচয়ৰ এক অপৰিহাৰ্য অংশ হৈ পৰাত এয়াও সহজ হৈ পৰিছে। ক্ৰমবৰ্ধমান তাৎপৰ্য্যৰ সৈতে আধাৰ পৰিচয়ৰ অন্যতম বিচৰা নথিত পৰিণত হৈছে।

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন