এই সময় হৈছে ডিজিটেলৰ যুগ । অনলাইন শ্বপিঙৰ পৰা আদি কৰি চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰালৈকে সকলো লেনদেন এতিয়া ডিজিটেল হৈ পৰিছে। পৰিৱৰ্তিত এই সময়ত বহু কামৰ বাবে আধাৰ কাৰ্ডৰ বিশেষ গুৰুত্ব আছে।
পূৰ্বে চৰকাৰী বেংকৰ নিয়মত অধিক অসুবিধাৰৰ সন্মুখীন হ'বলগীয়াা হৈছিল কিন্তু এতিয়া আধাৰ কাৰ্ডৰ জৰিয়তে সকলো সহজ হৈ পৰিছে। যদি আপোনাৰ ম'বাইল নম্বৰ বেংক পঞ্জীয়ন কৰা হৈছে আৰু বেংক একাউন্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা আছে তেন্তে আৰু চিন্তাৰ কাৰণ নাই । ইয়াৰ ফলত এতিয়া বহু কাম সহজ হৈ পৰিছে । অ'টিপিৰ জৰিয়তে নিজেই বহু কাম কৰিব পাৰি।
আধাৰ কাৰ্ডক সম্প্ৰতি আটাইতকৈ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহৰ ভিতৰত গণ্য কৰা হয়। যদি আপোনাৰ আধাৰ কাৰ্ড হেৰাই যায়, তেন্তে চিন্তা কৰাৰ প্ৰয়োজন নাই। আপুনি ঘৰত বহিয়েই ইয়াক অনলাইনত পুনৰ বনাই ল'ব পাৰে । যদিহে আপোনাৰ ম'বাইল নম্বৰ পঞ্জীয়ন কৰাই আছে, তেন্তে আপুনি Enrollment নম্বৰ বা UID লাভ কৰিব পাৰে। ইয়াক পাবলৈ কোনো মাচুল দিব নালাগে।