কোভিডৰ সংকাত বিগত ৩ বছৰ ধৰি নিজকে ঘৰৰ ভিতৰকে আৱদ্ধে ৰাখে এগৰাকী মহিলাই। গুৰুগ্ৰামত ৩৩ বছৰীয়া মুনমুন মাঝিয়ে পুত্ৰৰ লগতে নিজকে ঘৰত তিনি বছৰৰ বাবে বন্দী কৰি ৰাখিছিল। মহিলাগৰাকীয়ে ভয় খাইছিল যে যদি তেওঁৰ সন্তান ঘৰৰ বাহিৰত ওলায় তেন্তে কোভিডৰ বাবে মৃত্যু হ’ব। আৰক্ষীৰ দ্বাৰা ২২ ফেব্ৰুৱাৰীত দুয়োকে উদ্ধাৰ কৰা হয় আৰু পিছত পুংখানুপুংখ পৰীক্ষাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
এসপ্তাহ পূৰ্বে মহিলাগৰাকীৰ স্বামী সুজন মাঝিয়ে আৰক্ষীৰ পৰা সহায় বিচাৰি সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে। এটা ব্যক্তিগত কোম্পানীৰ অভিযন্তা হিচাপে কৰ্মৰত সুজন মাঝিয়ে আৰক্ষীক তেওঁৰ পত্নীয়ে নিজকে আৰু পুত্ৰক তিনি বছৰ ধৰি ঘৰত বন্দী কৰি ৰখাৰ কথা জনায়।
তেওঁ আৰক্ষীক কৈছিল যে লকডাউনৰ সীমাবদ্ধতা সমাপ্ত হোৱাৰ পিছত তেওঁ কামলৈ ওলাই আহিছিল, আৰু পত্নীয়ে তেওঁক পুনৰ ঘৰৰ ভিতৰলৈ ঘূৰি যাবলৈ অনুমতি দিয়া নাছিল। তেতিয়াৰ পৰা মাঝিয়ে ঘৰৰ ভাড়া, বিদ্যুত বিল পৰিশোধ আৰু সামগ্ৰী কিনিছিল আৰু সেইবোৰ মুখ্য দুৱাৰৰ বাহিৰত থৈ যাব ধৰিছিল। তেওঁ প্ৰথমতে বন্ধু বৰ্গ আৰু আত্মীয়সকলৰ ঘৰত আছিল আৰু আশা কৰিছিল যে তেওঁৰ পত্নীৰ ভয় সোনকালেই সমাপ্ত হ’ব। কিন্তু পত্নীয়ে নিজ সিদ্ধান্তত অটল থকা দেখি তেওঁ আন এটা ঘৰ ভাড়ালৈ ল’লে।
এই ঘটনাটো ইমান আচৰিত আছিল যে আৰক্ষীয়ে প্ৰথমতে বিশ্বাস কৰা নাছিল। যেতিয়া তেওঁলোকে মুনমুন মাঝিক ফোন কৰিছিল। মুনমুনে নিজে আৰু পুত্ৰ সম্পূৰ্ণ সুস্থ বুলি আৰক্ষীক জনায়। আৰক্ষীৰ এজন বিষয়াই কৈছিল যে, ‘‘এই খবৰ পোৱাৰ পিছত আমি এটা ভিডিঅ' কল কৰিছিলো, আৰু যেতিয়া মই শিশুটোক দেখিছিলো, মই আৱেগিক হৈ পৰিছিলো। তেওঁৰ চুলি কান্ধলৈ বৃদ্ধি পাইছিল।’’
মহামাৰীটো সংঘটিত হোৱাৰ সময়ত শিশুটোৰ বয়স সাত বছৰ আছিল। বৰ্তমান শিশুটোৰ বয়স প্ৰায় ১০ বছৰ। তিনি বছৰ ধৰি, শিশুটোৱে মাকৰ বাহিৰে আন কাকো দেখা নাছিল। তেওঁ দেৱালত আঁকিছিল আৰু লিখিছিল।
বিষয়াজনে কয় যে, ‘‘তেওঁৰ মাক কোভিডক লৈ আতংকিত হৈ পৰিছিল। ল’ৰাটোৰ বাহিৰলৈ ওলাই যোৱাৰ কোনো অভিপ্ৰায় নাছিল। মুনমুনে কৈছিল, ‘‘মই মোৰ পুত্ৰক বাহিৰলৈ ওলাই যাবলৈ নিদিওঁ কাৰণ সি লগে লগে মৰিব।’’
বিষয়াজনে সংবাদ মাধ্যমৰ লোকসকলক কৈছিল, ‘‘মই মুনমুনৰ সৈতে কথা পাতি আছিলো, তেওঁক সুধি আছিলোঁ যে তেওঁক কোনো সহায়ৰ প্ৰয়োজন আছে নেকি। মই ভাবো তেওঁ মোক বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল। গতিকে যেতিয়া মই তেওঁক আৰক্ষী চকীলৈ মাতিছিলো, তেওঁ আহিছিল, কিন্তু শিশুটো লগত অনা নাছিল। আমি অৱশেষত তেওঁক সৈমান কৰিবলৈ সক্ষম হ’লোঁ। পিছত তেওঁক এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, আৰু তাৰ পিছত আমি শিশুটোক উদ্ধাৰ কৰিবলৈ ফ্লেটলৈ গৈছিলো।’’
যেতিয়া আৰক্ষী আৰু শিশু কল্যাণ দলসমূহে ফ্লেটত প্ৰৱেশ কৰিছিল, তেওঁলোক আচৰিত হৈছিল। তিনি বছৰ ধৰি আৱৰ্জনা পেলোৱা হোৱা নাছিল, আৰু এপাৰ্টমেণ্টটো লেতেৰা জাৱৰেৰ ভৰি আছিল। কাপোৰৰ স্তূপ, চুলি, খালী গ্ৰোচাৰী পেকেটবোৰ মজিয়াত আছিল আৰু সকলো সঁজুলিৰ ওপৰত লেতেৰাৰ ডাঠ স্তৰ জমা হৈ আছিল।
এটা লেতেৰা শোৱনি কোঠাত, ১০ বছৰীয়া ল’ৰাই দেউতাকৰ লগতে কেইবাজনো লোকক ঘৰত প্ৰৱেশ কৰা দেখি স্তব্ধ হৈ আছিল। তেওঁক এতিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
সহকাৰী উপ-পৰিদৰ্শক প্ৰবীণ কুমাৰে সংবাদ সংস্থা পিটিআইক কয়, ‘‘ভিতৰত ইমান আৱৰ্জনা আছিল যে যদি আৰু কেইদিনমান পাৰ হৈ গ'লহেঁতেন, তেন্তে কিবা অপ্ৰীতিকৰ ঘটনা ঘটিলহেঁতেন।’’
গুৰগাঁও অসামৰিক চাৰ্জেন ডাঃ বীৰেন্দ্ৰ যাদৱে জনায় যে, ‘‘মহিলাগৰাকীৰ মানসিক সমস্যা আছে। তেওঁলোক দুয়োকে ৰোহতকৰ পিজিআইলৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোকক চিকিৎসাৰ বাবে মনোৰোগ বিভাগত ভৰ্তি কৰোৱা হৈছে।"
সুজন মাঝিয়ে পৰিয়ালটোক ঘূৰাই পাই যথেষ্ট সুখী আৰু ইয়াৰ বাবে তেওঁ আৰক্ষীক ধন্যবাদ জনায়। তেওঁ সংবাদ সংস্থা এএনআইক কয় যে, ‘‘এতিয়া তেওঁলোকৰ চিকিৎসা কৰা হৈছে। মই আশা কৰোঁ যে মোৰ জীৱন সোনকালেই পুনৰ পথত ঘূৰি আহিব।’’
Published by: Sehnaz Begum
FIRST PUBLISHED : February 23, 2023, 15:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।