• Home
  • »
  • News
  • »
  • nation
  • »
  • কন্যা সন্তান জন্ম দিয়াই অপৰাধ! পত্নীক বিষাক্ত বেজী দি হত্যা কৰিলে স্বামীয়ে

কন্যা সন্তান জন্ম দিয়াই অপৰাধ! পত্নীক বিষাক্ত বেজী দি হত্যা কৰিলে স্বামীয়ে

চিকিত্‍সালয় কৰ্তৃপক্ষই নবীনাৰ আকস্মিক মৃত্যুত সন্দেহ কৰে আৰু চিকিত্‍সালয়খনৰ যিটো বাৰ্ডত নবীনাক গৰ্ভধাৰণৰ পাছত ৰখা হৈছিল সেই বাৰ্ডৰ চিচিটিভি ভিডিঅ’ৰ দৃশ্য পৰীক্ষণ কৰে।

চিকিত্‍সালয় কৰ্তৃপক্ষই নবীনাৰ আকস্মিক মৃত্যুত সন্দেহ কৰে আৰু চিকিত্‍সালয়খনৰ যিটো বাৰ্ডত নবীনাক গৰ্ভধাৰণৰ পাছত ৰখা হৈছিল সেই বাৰ্ডৰ চিচিটিভি ভিডিঅ’ৰ দৃশ্য পৰীক্ষণ কৰে।

চিকিত্‍সালয় কৰ্তৃপক্ষই নবীনাৰ আকস্মিক মৃত্যুত সন্দেহ কৰে আৰু চিকিত্‍সালয়খনৰ যিটো বাৰ্ডত নবীনাক গৰ্ভধাৰণৰ পাছত ৰখা হৈছিল সেই বাৰ্ডৰ চিচিটিভি ভিডিঅ’ৰ দৃশ্য পৰীক্ষণ কৰে।

  • Share this:
এজন কৃষকক বিষাক্ত বেজীৰে বাইক চলাই থকা অৱস্থাত বাইকৰ পাছফালৰ চিটত বহা মানুহজনে হত্যা কৰাৰ ঘটনাই মানূহক পাহৰিব নৌপাওতেই তেলাংগানাত পুনৰ একেটা কাৰ্যপ্ৰণালীৰ আন এটা ঘটনা সংঘটিত হৈছিল। এজন ব্যক্তিয়ে ব্যক্তিগত চিকিৎসালয়ত এজনী কন্যা সন্তান জন্ম দিয়াৰ পিছত পত্নীক বিষাক্ত বেজী দি হত্যা কৰিছিল। শেহতীয়াকৈ পোহৰলৈ অহা উক্ত ঘটনাটো ৩০ জুলাইত সংঘটিত হৈছিল।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে ৪২ বৰ্ষীয় তেজাৱত বিক্ষম তেলেংগানাৰ মহাবুবাবাদ জিলাৰ ডৰনাকাল মণ্ডলৰ বোদ্ৰাই থাণ্ডাৰ স্থানীয় নিবাসী। তেওঁ খাম্মামৰ এখন ব্যক্তিগত চিকিৎসালয়ত অস্ত্ৰোপচাৰ থিয়েটাৰ সহায়ক হিচাপে কৰ্মৰত আৰু চহৰখনৰ নাইডুপেটা এলেকাত বাস কৰে। তেওঁৰ প্ৰথম পত্নী বিজয়া কুমাৰীয়ে গৰ্ভধাৰণ কৰিব নোৱাৰাৰ বাবে তেজাৱতে মহাবুবাবাদ জিলাৰ বায়াৰাম মণ্ডলৰ জগ্গু থাণ্ডাৰ কন্যা ২১ বছৰীয়া সুনীতা ওৰফে নবীনাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেজাৱত বিক্ষম দুয়োগৰাকী পত্নীৰ সৈতে একেটা ঘৰতেই বাস কৰি আহিছিল।

নবীনাই ২০২২ চনৰ ৪ জুলাইত প্ৰথম কন্যা সন্তান জন্ম দিছিল। ইয়াৰ পাছত, এই বৰ্ষ অৰ্থাৎ ২০২২ চনৰ ৩০ জুলাই তাৰিখে প্ৰসৱ বেদনা আৰম্ভ হোৱাৰ পিছত তেওঁক শশীবালা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। সেই দিনটোতে সন্ধিয়া নবীনাই দ্বিতীয় কন্যা সন্তান জন্ম দিছিল। কিন্তু পিছদিনা অৰ্থাৎ ৩১ জুলাইৰ ৰাতিপুৱা নবীনাক মৃত অৱস্থাত পোৱা গৈছিল। এই ঘটনাৰ পাছতেই চিকিৎসালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আৰু চিকিৎসালয় কৰ্তৃপক্ষই ধনৰ ৰূপত কিছু ক্ষতিপূৰণ দিবলৈ সন্মত হোৱাৰ পিছত প্ৰতিবাদ সমাপ্ত হৈছিল। ইয়াৰ পাছত তেজাৱত বিক্ষমে খাম্মামত খৰখেদাকৈ দ্বিতীয় পত্নীৰ অন্তিম সংস্কাৰ সম্পূৰ্ণ কৰিছিল। অভিযুক্ত তেজাৱত বিক্ষমে ভাবিছিল যে নবীনাৰ পিতৃ-মাতৃয়ে তেওঁক তেওঁলোকৰ জন্মভূমি গাঁৱত অন্তিম সংস্কাৰ কৰিবলৈ অনুৰোধ কৰিছিল।

চিকিত্‍সালয় কৰ্তৃপক্ষই নবীনাৰ আকস্মিক মৃত্যুত সন্দেহ কৰে আৰু চিকিত্‍সালয়খনৰ যিটো বাৰ্ডত নবীনাক গৰ্ভধাৰণৰ পাছত ৰখা হৈছিল সেই বাৰ্ডৰ চিচিটিভি ভিডিঅ’ৰ দৃশ্য পৰীক্ষণ কৰিলে। চিকিত্‍সালয় কৰ্তৃপক্ষই চিচিটিভি ফুটেজত দেখা পালে যে নবীনাই কন্যা সন্তানটিৰ লগত শুই থকা অৱস্থাতে তেজাৱত বিক্ষমে পত্নীৰ শৰীৰত এটা বেজি দি আছে। ইয়াৰ পাছতেই চিকিত্‍সালয় কৰ্তৃপক্ষই চহৰখনৰ সহকাৰী আৰক্ষী আয়ুক্তক এই ঘটনাৰ সন্দৰ্ভত অৱগত কৰায়।

উল্লেখযোগ্য যে, বিগত ১ ছেপ্টেম্বৰত মৃত নবীনাৰ মাতৃ ধৰ্মাসোথ লক্ষ্মীয়ে আৰক্ষীৰ ওচৰত দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তেজাৱত বিক্ষমক জিম্মাত লৈছিল আৰু অভিযুক্তই জেৰাৰ সময়ত তাৰ দ্বাৰা সংঘটিত অপৰাধ স্বীকাৰ কৰিছিল। ইয়াৰ পাছতেই আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছিল আৰু ৩ ছেপ্টেম্বৰত তেওঁক ৰিমাণ্ডলৈ প্ৰেৰণ কৰিছিল।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি