ঘটনা অনুসৰি, বিবাহৰ দিনাখন আবেলি ৪ বজাত দৰাই কইনাৰ ঘৰলৈ অহাৰ কথা আছিল। কিন্তু আবেলি ৪ বজা কি নিশা ৪ বজালৈ দৰা উপস্থিত নোহোৱাত অনুসন্ধান কৰি যি ৰহস্য কইনা পক্ষই উদঘাটন কৰে, সিয়ে বিয়াখন আৰু আগুৱাই নিনিলে। কইনাৰ পিতৃয়ে এগৰাকী আত্মীয়ৰ সৈতে কইনাৰ বিবাহ কৰাই দিয়ে (bride ties knot with another boy)। কি কৰি আছিল দৰাই?
মহাৰাষ্ট্ৰৰ (Maharashtra) বুলধানা জিলাৰ মালকাপুৰ পাংৰা গাঁৱত অনুষ্ঠিত এই ভাইৰেল বিবাহৰ দৰাই ডি জে বজাই নৃত্যত মত্ত আছিল। বন্ধু-বৰ্গৰে নাচ-গানত মচগুল গৈ থকা দৰাই পান কৰিছিল সুৰাও। সুৰা আৰু ডি-জেৰ মাজত দৰাই বিবাহমণ্ডপলৈ আহোঁতে আহোঁতে নিশা গুচি পুৱতি নিশাত সোমায় সময়। এটা সময়ত তেওঁ কইনাৰ ঘৰ ওলাই যদিও তেতিয়া সকলো শেষ হৈছিল। শেষত বাক-বিতণ্ডা কৰি গুচি যায় দৰা।