• Home
  • »
  • News
  • »
  • nation
  • »
  • এখন গাঁও য'ত ঘৰে ঘৰে আছে আইএএছ–আইপিএছ বিষয়া, ক’ত আছে এই ‘বিষয়াৰ গাঁও’?

এখন গাঁও য'ত ঘৰে ঘৰে আছে আইএএছ–আইপিএছ বিষয়া, ক’ত আছে এই ‘বিষয়াৰ গাঁও’?

গাওঁখনৰ পুত্ৰ-কন্যাই নহয় গাঁওখনলৈ বিয়া হৈ অহা পৰিয়ালসমূহৰ বোৱাৰীসকলেও এনে শীৰ্ষ বিষয়াৰ পদবী অৰ্জন কৰিবলৈ সক্ষম হৈছে।

গাওঁখনৰ পুত্ৰ-কন্যাই নহয় গাঁওখনলৈ বিয়া হৈ অহা পৰিয়ালসমূহৰ বোৱাৰীসকলেও এনে শীৰ্ষ বিষয়াৰ পদবী অৰ্জন কৰিবলৈ সক্ষম হৈছে।

গাওঁখনৰ পুত্ৰ-কন্যাই নহয় গাঁওখনলৈ বিয়া হৈ অহা পৰিয়ালসমূহৰ বোৱাৰীসকলেও এনে শীৰ্ষ বিষয়াৰ পদবী অৰ্জন কৰিবলৈ সক্ষম হৈছে।

  • Share this:
উত্তৰ প্ৰদেশৰ পৰা দেশৰ আন যিকোনো ৰাজ্যতকৈ অধিক আইএএছ আৰু আইপিএছ সৃষ্টি হৈ আহিছে। উত্তৰ প্ৰদেশত এখন সৰু গাঁও আছে যি সমগ্ৰ দেশৰে চৰ্চাৰ কেন্দ্ৰবিন্দু। কাৰণ এই সৰু গাওঁখনত প্ৰতিটো পৰিয়ালতে আছে আইএএছ , আইপিএছকে ধৰি শীৰ্ষ পদবীধাৰী বিষয়া। আক্ষৰিক অৰ্থত যেন এখন ৰাজ্যৰ সমগ্ৰ প্ৰশাসনিক কাম-কাজ চলোৱাৰ সামৰ্থ আছে জৌনপুৰ জিলাৰ মাধোপট্টি নামৰ গাঁওখনৰ।

মাধোপট্টি গাঁৱত ৭৫টা পৰিয়াল আছে আৰু প্ৰায় প্ৰতিটো পৰিয়ালতে আইএএছ , আইপিএছ  কেডাৰৰ বা তেনে শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ একোজনকৈ সদস্য আছে। সেয়েহে এই গাওখনক 'অফিচাৰ্ছ ভিলেজ অৱ ইণ্ডিয়া' ৰূপে জনা যায়।

এই গাওঁখনত মুঠ ৭৫টা ঘৰ আছে।  কিন্তু এই গাঁৱৰ পৰা সৃষ্টি হোৱা বিষয়াৰ সংখ্যা ৫০ জনতকৈ অধিক। এয়া কেৱল এই গাওঁখনৰ পুত্ৰ-কন্যাই নহয় গাঁওখনলৈ বিয়া হৈ অহা পৰিয়ালসমূহৰ বোৱাৰীসকলেও এনে শীৰ্ষ বিষয়াৰ পদবী অৰ্জন কৰিবলৈ সক্ষম হৈছে। বাতৰি অনুসৰি, জৌনপুৰৰ মাধোপট্টি গাঁওখন এতিয়া গাজীপুৰৰ 'জোৱানৰ গাঁও' হিচাপে পৰিচিত গহমৰ গাঁৱৰ সমতুল্য। গহমৰ গাঁৱৰ প্ৰতিটো পৰিয়ালৰ পৰা ভাৰতীয় সেনাবাহিনীত কমেও এজন সদস্য আছে।

জৌনপুৰৰ মাধোপট্টি গাঁৱত যে কেৱল ভাৰতীয় প্ৰশাসনিক সেৱা বা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াই আছে তেনে নহয়। গাঁওখনৰ একাংশ যুৱকে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) আৰু ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ (বিএআৰচি)ৰ দৰে দেশৰ আগশাৰীৰ প্ৰতিষ্ঠানত নিজৰ কেৰিয়াৰ গঢ়িবলৈ সক্ষম হৈছে। কেৱল এয়াই নহয়, এই গাঁওখনত একেটা পৰিয়ালৰ চাৰিগৰাকী ভাই-ভনীয়ে  আইএএছৰ বাবে নিৰ্বাচিত হোৱাৰ এক অনন্য অভিলেখ আছে। এই গাঁৱৰ পৰা ১৯৫৫ চনত ভাৰতীয় অসামৰিক সেৱালৈ নিৰ্বাচিত হোৱা বিনয় কুমাৰ সিঙে পিছলৈ বিহাৰৰ মুখ্য সচিব হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। বিনয় কুমাৰ সিঙৰ দুই ভাই-ভনী চত্ৰপাল সিং আৰু অজয় কুমাৰ সিঙে ১৯৬৪ চনত ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। চতুৰ্থ ভাতৃ শশীকান্ত সিঙে ১৯৬৮ চনত আইএএছ হিচাপে কেৰিয়াৰ গঢ়িছিল। চত্ৰপাল সিঙে তামিলনাডুৰ মুখ্য সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

মাধোপট্টিৰ প্ৰথম ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া আছিল প্ৰখ্যাত কবি ৱামিক জৌনপুৰীৰ পিতৃ মুস্তাফা হুছেইন যি ১৯১৪ চনত অসামৰিক সেৱাত যোগদান কৰিছিল। তাৰ পিছত পৰৱৰ্তী অসামৰিক সেৱাৰ পদবী ১৯৫২ চনত  গাঁওখনৰ পৰা ইন্দু প্ৰকাশ নামৰ এজন যুৱকে লাভ কৰিছিল। সেয়াই আৰম্ভণি। তাৰ পিছৰে পৰা এই গাঁওখনৰ যুৱক-যুৱতীসকলে ভাৰতীয় অসামৰিক সেৱাত যোগদান কৰাটো অতি গুৰুত্বসহকাৰে ল'বলৈ ধৰে আৰু তেওঁলোকৰ মাজত ইয়াৰ বাবে উৎসাহ বৃদ্ধি পায়।

অৱশ্যে, যদিও মাধোপট্টি গাঁৱৰ প্ৰায় প্ৰতিটো পৰিয়ালৰ অসামৰিক সেৱাৰ বিষয়া আছে , তথাপিও কিন্তু গাঁওখনৰ অৱস্থাৰ পৰিৱৰ্তন হোৱা নাই। গাঁওখনৰ বাট-পথৰ অৱস্থা শোচনীয়, চিকিৎসা ব্যৱস্থা তথা বিদ্যুৎ যোগান আজিও অতি দুৰ্বল। তাৎপৰ্যপূৰ্ণ ভাৱে এই গাওঁখনত আইএএছ প্ৰশিক্ষাৰ্থীসকলৰ বাবে এটাও প্ৰশিক্ষণ কেন্দ্ৰ নাই। শিক্ষাৰ্থীসকলৰ বাবে কোনো উপযুক্ত সুবিধা নোহোৱাকৈ এই গাঁওখনে সমগ্ৰ দেশক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমেৰে দেখুৱাইছে যে প্ৰকৃত নিষ্ঠা, কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে যিকোনো বস্তুকেই লাভ কৰিব পাৰি।
Published by:Sanjay Kumar Das
First published: