দেৱালী উৎসৱৰ সময়ত অভিভাৱকৰ প্ৰতি শিশু সন্তানৰ এটা স্বাভাৱিক দাবী যে তেওঁলোকক ফটকা লাগে। আৰু অভিভাৱকে তেওঁলোকক সুখী ৰাখিবলৈ চেষ্টা কৰে। কিন্তু হাতত ফটকা দি অভিভাৱকে তেওঁলোকৰ সন্তানক অকলে এৰি দিয়ে। এনে ফটকাজনিত এক ঘটনাই শোকাকুল কৰি তুলিছে এটা পৰিয়ালক।
অভিভাৱকৰ চকু মুকলি কৰা এই ঘটনা সংঘটিত হৈছে চুৰাটত। চুৰাটৰ দিনডোলীত এটি তিনি বছৰীয়া শিশুৱে পপ-আপ ফটকা খোৱাৰ ফলত ডায়েৰীয়া আৰু বমিৰ ফলত শিশুটো গুৰুতৰভাৱে অসুস্থ হয়। শিশুটোক চিকিৎসাৰ বাবে অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
ঘটনাৰ বিষয়ে জানিব পৰা মতে, শিশুটিৰ বাবে পপ আপ ফটকা কিনি আনি ঘৰতে ৰাখি ফটকাৰ সৈতে এৰি দিয়া হৈছিল। কিন্তু হঠাতে শিশুটো অসুস্থ হৈ পৰে। শিশুটিৰ এই অৱস্থাৰ কাৰণ প্ৰথমে অনুমান কৰিব পৰা নাছিল যদিও বমিত পপ-আপ ফটকা দেখি হাস্পতাললৈ নিয়া হয়। পিছত সেই দুৰ্ভাগ্যজনক খবৰটো লাভ কৰে। এই ঘটনাক লৈ চিকিৎসকে অভিভাৱকৰ দায়িত্বজ্ঞানহীনতাকে দায়ী কৰে। চিকিৎসকসকলে সকলো অভিভাৱকক দেৱালীৰ আতচবাজী বিস্ফোৰণ কৰোঁতে সতৰ্ক হ'বলৈ আহ্বান জনায়।
অৱশ্যে, মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ চিকিৎসকে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। কাঠমিস্ত্ৰী হিচাপে কাম কৰা বিহাৰৰ বাসিন্দা ৰাজ শৰ্মাই প্ৰথমবাৰৰ বাবে শিশুটিৰ বাবে ফটকা আনিছিল। কিন্তু তেওঁ নাজনিলে নিৰীহ শিশুটোৱে কেতিয়া ইয়াক ভক্ষণ কৰে। উল্লেখ্য শেহতীয়া প্ৰকাৰৰ ফটকাবোৰৰ ভিতৰত অতি সৰু শিশুৰ বাবে পপ-আপ ফটকাৰ যথেষ্ট চাহিদা আছে। পপ-আপ ফটকাবোৰ ডাঙৰ বুটৰ আকৃতিৰ। কাগজেৰে মেৰিয়াই বনোৱা এই ফটকা দেৱালত দলিয়াই ফুটোৱা হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|