• Home
  • »
  • News
  • »
  • nation
  • »
  • Azadi ka Amrit Mahotsav: এইবাৰ আজাদী কা অমৃত মহোৎসৱত সৈনিকসকলক প্ৰদান কৰা হ'ব এই বিশেষ পদক, কিয় ই বিশেষ?

Azadi ka Amrit Mahotsav: এইবাৰ আজাদী কা অমৃত মহোৎসৱত সৈনিকসকলক প্ৰদান কৰা হ'ব এই বিশেষ পদক, কিয় ই বিশেষ?

প্ৰতি ২৫ বছৰৰ মূৰত এনে বিশেষ মেডেল ভাৰতৰ সেনা জোৱানসকল আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানসকলক প্ৰদান কৰা হয়।

প্ৰতি ২৫ বছৰৰ মূৰত এনে বিশেষ মেডেল ভাৰতৰ সেনা জোৱানসকল আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানসকলক প্ৰদান কৰা হয়।

প্ৰতি ২৫ বছৰৰ মূৰত এনে বিশেষ মেডেল ভাৰতৰ সেনা জোৱানসকল আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানসকলক প্ৰদান কৰা হয়।

  • Share this:
ভাৰতৰ স্বাধীনতাৰ ৭৫তম বৰ্ষপূৰ্তি তথা ‘আজাদী কা অমৃত মহোত্‍সৱ’ৰ সন্ধিক্ষণত দেশে ইয়াৰ সাহসী নাগৰিকসকলক নৱনিৰ্মিত বিশেষ মেডেল (স্মাৰক পদক) প্ৰদান কৰিব। উল্লেখযোগ্য যে, প্ৰতি ২৫ বছৰৰ মূৰত এনে বিশেষ মেডেল ভাৰতৰ সেনা জোৱানসকল আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানসকলক প্ৰদান কৰা হয়। ১৯৯৭ চনৰ ১৫ আগষ্ট ত ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৫০তম বৰ্ষপূৰ্তি উদযাপনত শেষৰবাৰৰ বাবে এনে মেডেল আগবঢ়োৱা হৈছিল। জানিব পৰা মতে, এই বিশেষ ধৰণৰ মেডেলৰ সন্মুখৰ ফালে সম্ৰাট অশোকৰ চিহ্ন আৰু পাছৰ ফালে অশোকচক্ৰ মুদ্ৰন থাকিব। কেন্দ্ৰীয় চৰকাৰৰ প্ৰমুখ্য অভিযান ‘আজাদী কা অমৃত মহোত্‍সৱ’ সমাৰোহৰ সময়ত এই মেডেল প্ৰদান কৰা হ’ব।

মন কৰিবলগীয়া কথা যে, কিছুদিনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে এই মেডেল দিয়াৰ অন্তিম সমৰ্থন আগবঢ়াইছিল যি সশস্ত্ৰ আৰক্ষী সদস্যৰ লগতে কেন্দ্ৰীয় আৰক্ষী বাহিনীত কৰ্মৰত জোৱানসকলো প্ৰদান কৰা হ’ব। ইয়াৰ পূৰ্বতে দেশত ৩৫ মিলিমিটাৰ গোলকীয় সোণৰ মেডেল প্ৰদান কৰা হৈছিল যি কুপ্ৰো–নিকলৰে নিৰ্মাণ কৰা হৈছিল আৰু ইয়াত এক পথালি ফিটা সংযুক্ত হৈ আছিল।

মেডেলটোৰ বিষয়ে-

ভাৰতৰ পৰম্পৰা অনুসৰি, কেন্দ্ৰীয় চৰকাৰে স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকীত এটা স্মাৰক পদক মুকলি কৰিছে। এই মেডেল সশস্ত্ৰ বাহিনীৰ লোকসকল যেনে স্থল সেনা, বায়ু সেনা আৰু নৌসেনাত সকলো কৰ্মৰত কৰ্মী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ লগতে ৰাজ্যিক আৰক্ষী গোটসমূহক এই পদক প্ৰদান কৰা হ'ব।

বৃত্তাকাৰ পদকটোৰ সন্মুখত অশোক চিহ্ন, পিছফালে অশোক চক্ৰ থাকিব। ইয়াক ৰাষ্ট্ৰীয় পতাকাৰ ৰঙৰ সদৃশ নীলা ফিটাৰে সংলগ্ন কৰা হ'ব। এই পদকটোত ১৯৪৭-২০২২ চনৰ লগতে স্বাধীনতা ৭৫তম বাৰ্ষিকী লিখিত হৈ আছে।

এক তথ্য অনুসৰি, ১৯৪৭ চনত প্ৰথমবাৰৰ বাবে এই স্মাৰক পদক দেশৰ সকলো নাগৰিকৰ লগতে সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱা নেপালী গোৰ্খাসকলকো বিতৰণ কৰা হৈছিল।

১৯৯৭ চনত স্বাধীনতাৰ ৫০তম বাৰ্ষিকীত প্ৰদান কৰা স্মাৰক পদকবোৰৰ সন্মুখত লালকিল্লাৰ ছবি আৰু পদকৰ পিছফালে ভাৰতৰ মানচিত্ৰ মুদ্ৰিত হৈ আছিল। ভাৰতৰ স্থল সেনা, নৌ সেনা, বায়ু সেনা, আঞ্চলিক সেনা, অন্যান্য সংৰক্ষিত বাহিনী, ৰে'ল আৰক্ষী বাহিনী, অৰ্ধসামৰিক বাহিনী, গৃহৰক্ষী, অসামৰিক প্ৰতিৰক্ষা সংগঠন, আৰু অগ্নি নিৰ্বাপক সেৱাকে ধৰি সকলো সেৱা আগবঢ়োৱা কৰ্মীক এই পদক প্ৰদান কৰা হৈছিল।

উল্লেখনীয় যে, ১৯৭২ চনত পূৰ্ণ হোৱা ২৫তম বৰ্ষত দিয়া মেডেলবোৰৰ সন্মুখত ৰাষ্ট্ৰীয় চিহ্ন আৰু ইয়াৰ তলৰ অংশত ‘২৫তম স্বাধীনতা বৰ্ষপূৰ্তি পদক’ বুলি লিখা আছিল। পদকটোৰ পিছফালে অশোক চক্ৰ অংকন আছিল যাৰ চাৰিওফালে ১৯৪৭ আৰু ১৯৭২ তাৰিখো লিখা আছিল। সেইসময়ত এই পদকটো সেনাৰ তিনিটা সেৱা, সংৰক্ষিত বাহিনী, আঞ্চলিক সেনা আৰু চোৰাংচোৱা ব্যুৰ' কাৰিকৰী কৰ্মচাৰী, কলিকতা বিশেষ আৰক্ষী বাহিনী, গৃহৰক্ষী, অসামৰিক প্ৰতিৰক্ষা সংগঠন, অগ্নি নিৰ্বাপক সেৱা, কাৰাগাৰ কৰ্মচাৰী আৰু কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ লোকসকলক দিয়া হৈছিল।
Published by:Sanjay Kumar Das
First published: