உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • 2023 IOC session in Mumbai: ২০২৩ত মুম্বাইত IOCৰ বৈঠকৰ সিদ্ধান্তক আদৰণি জনালে আন্তৰ্জাতিক অলিম্পিক সমিতিৰ সদস্য নীতা আম্বানিয়ে

    2023 IOC session in Mumbai: ২০২৩ত মুম্বাইত IOCৰ বৈঠকৰ সিদ্ধান্তক আদৰণি জনালে আন্তৰ্জাতিক অলিম্পিক সমিতিৰ সদস্য নীতা আম্বানিয়ে

    ভাৰতৰ অলিম্পিক আকাংক্ষাৰ বাবে এটি উল্লেখযোগ্য অগ্রগতি আৰু অত্যন্ত গৌৰৱ আৰু আনন্দৰ বিষয়”- নীতা আম্বানি

    ভাৰতৰ অলিম্পিক আকাংক্ষাৰ বাবে এটি উল্লেখযোগ্য অগ্রগতি আৰু অত্যন্ত গৌৰৱ আৰু আনন্দৰ বিষয়”- নীতা আম্বানি

    ভাৰতৰ অলিম্পিক আকাংক্ষাৰ বাবে এটি উল্লেখযোগ্য অগ্রগতি আৰু অত্যন্ত গৌৰৱ আৰু আনন্দৰ বিষয়”- নীতা আম্বানি

    • Share this:
    চাৰি দশকৰ মূৰত ভাৰতে আন্তৰাষ্ট্ৰীয়  অলিম্পিক সমিতিৰ ২০২৩ চনৰ সাধাৰণ বৈঠক আয়োজনৰ বাবে অনুমতি পোৱাক লৈ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী (IOC)ৰ সদস্য নীতা আম্বানিয়ে এই সর্বসন্মত তথা অসাধাৰণ সিদ্ধান্তক "ভাৰতৰ অলিম্পিক আকাংক্ষাৰ বাবে এটি উল্লেখযোগ্য অগ্রগতি আৰু অত্যন্ত গৌৰৱ আৰু আনন্দৰ বিষয়” হিচাবে বর্ণনা কৰিছে।

    তেওঁ কয়- "৪০ বছৰৰ অপেক্ষাৰ অন্তত অলিম্পিক মুভমেন্ট ভাৰতলৈ পুনৰ আহিছে ! ২০২৩ চনত মুম্বাইত আইঅ'চি অধিৱেশন আয়োজন কৰাৰ দায়িত্ব ভাৰতক অর্পণ কৰাৰ বাবে মই আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ ওচৰত কৃতজ্ঞ।"

    উল্লেখ্য, এই প্রক্রিয়াত ভাগ লোৱা প্রতিনিধিসকলৰ পৰা মুম্বায়ে নিজৰ পক্ষত ঐতিহাসিক ৯৯% ভোট পাইছে। আন্তৰ্জাতিক অলিম্পিক সমিতিৰ অধিৱেশন ২০২২ত হোৱা ভোটদানত ভাৰতে ৭৬টা ভোটৰ ভিতৰত ৭৫টা ভোট লাভ কৰিছিল। উল্লেখ্য আইঅ'চি বৈঠক হৈছে আইঅ'চি সদস্যসকলৰ এখন বার্ষিক বৈঠক, য'ত ১০১ জন ভোটদানকাৰী সদস্য আৰু ৪৫ জন সন্মানিত সদস্য থাকে। ইয়াত অলিম্পিক চাৰ্টাৰৰ গ্রহণ আৰু সংশোধন, আইঅ'চি সদস্য আৰু পদাধিকাৰীৰ নির্বাচন আৰু অলিম্পিক আয়োজক চহৰৰ নির্বাচনৰ লগতে বিশ্বৰ অলিম্পিক মুভমেন্টৰ মুখ্য কার্যক্রমৰ বিষয়ে আলোচনা কৰে আৰু সিদ্ধান্ত লয়।

    ভাৰতৰ পৰা আইঅ'চি সদস্য হিচাপে নিৰ্বাচিত হোৱা দেশৰ প্ৰথমগৰাকী মহিলা নীতা আম্বানিক লৈ গঠিত ভাৰতীয় প্ৰতিনিধি দলৰ এইক্ষেত্ৰত আছিল অভূতপূৰ্ব অৱদান। আন্তৰ্জাতিক অলিম্পিক সমিতিৰ (IOC) সদস্য নীতা আম্বানিয়ে (Nita Ambani)  বৈঠকৰ বাবে ভাৰত বাছনি হোৱা সন্দৰ্ভত কয়, "ভাৰতৰ অলিম্পিক হোষ্টিঙৰ যি সপোন, সেই ক্ষেত্ৰত এইটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব আৰু ভাৰতীয় ক্ৰীড়াত এক নতুন যুগৰ সূচনা হ'ব। (SIGNIFICANT DEVELOPMENT FOR INDIA’S OLYMPIC ASPIRATIONS)"

    "ক্ৰীড়া সদায়ে বিশ্বৰ লাখ লাখ লোকৰ বাবে আশা আৰু অনুপ্ৰেৰণাৰ পোহৰ হৈ আহিছে। আমি আজি বিশ্বৰ অন্যতম কনিষ্ঠ দেশ আৰু মই উৎসাহিত যে ভাৰতৰ যুৱপ্ৰজন্মই অলিম্পিকৰ যাদুৰ প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰিছে। এই অংশীদাৰীত্ব অধিক শক্তিশালী কৰা আৰু অনাগত বছৰবোৰত ভাৰতত অলিম্পিক গেমছ আয়োজন কৰাটো আমাৰ সপোন।" তেওঁ লগতে এইদৰে প্ৰকাশ কৰে।

    নীতা আম্বানিয়ে ( (IOC member Mrs Nita Ambani) অলিম্পিক ছিজন ২০২৩ উপলক্ষে সুবিধাবঞ্চিত সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলৰ বাবে নিৰ্দিষ্ট ক্ৰীড়া বিকাশ কাৰ্যসূচীৰ এটা শৃংখলা আৰম্ভ কৰাৰ প্ৰস্তাৱো দিছিল। তেওঁ এই প্ৰসংগত আইঅ'চি প্রতিনিধিৰ সন্মুখত কয়- '' ভাৰতৰ জনসংখ্যাৰ প্রায় আধা, ৬০০ মিলিয়নতকৈ অধিক লোক, ২৫ বছৰতকৈ কম বয়সৰ,  সেইবাবে অলিম্পিক মুভমেন্ট আগবঢ়াবলৈ আৰু বিকাশ কৰিবলৈ আটাইতকৈ গুৰুত্বপূর্ণ আৰু ৰোমাঞ্চকৰ ঠাইসমূহৰ ভিতৰত ভাৰত এখন । অলিম্পিক ভেল্যু এডুকেচন প্রগ্রেমৰ দ্বাৰা অনুপ্রাণিত হৈ, আমাৰ লক্ষ্য হ'ল সম্ভাব্য প্রতিভাসমূহক চিহ্নিত কৰা আৰু ক্রীড়া জগতত তেঁওলোক উজলি উঠাৰ বাবে পথ দেখুওৱা । ২০২৩-ৰ অলিম্পিক বৈঠকৰ সময়ত, আমি বঞ্চিত সম্প্ৰদায়ৰ যুৱকসকলৰ বাবে বিশেষ ক্রীড়া উন্নয়ন প্রগ্রেমৰ এটা চিৰিজ আৰম্ভ কৰাৰ প্ৰস্তাৱ দিছোঁ ।''

    ভাৰতীয় প্রতিনিধিৰ দলটোত নীতা আম্বানী, ভাৰতৰ পৰা প্রথম মহিলা আইঅ'চি সদস্য হিচাবে নির্বাচিত হৈছে আৰু ভাৰতৰ অলিম্পিক এছ'ছিয়েছন (IOA)ৰ অধ্যক্ষ ড: নৰিন্দৰ বাট্রা, যুৱ কার্যক্রম আৰু ক্রীড়া মন্ত্রী অনুৰাগ সিং ঠাকুৰ, আৰু ভাৰতৰ প্রথম অলিম্পিক স্বর্ণপদক বিজয়ী ( বেইজিং ২০০৮, স্বুটিং) অভিনৱ বিন্দ্রা অন্তৰ্ভুক্ত আছে, তেওঁলোকে বেইজিঙত চলি থকা শীতকালীন অলিম্পিকৰ লগতে অনুষ্ঠিত হোৱা ১৩৯ তম আইঅ'চি অধিৱেশনৰ সময়ত এটা শক্তিশালী বিষয় উপস্থাপন কৰিছে । প্রতিনিধিৰ দলটোৱে কয় যে অলিম্পিক মুভমেন্টৰ বাবে ভাৰতৰ ক্রীড়া অনুৰাগীসকলৰ সৈতে সংযুক্ত হোৱাৰ এইয়া সুন্দৰ সুযোগ।

    ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি ড০ নৰিন্দৰ বাত্ৰাই (Narinder Batra) এক বিবৃতিত কয়, "শ্ৰীমতী নীতা আম্বানিক তেওঁৰ দৃষ্টিভংগী আৰু নেতৃত্ব আৰু মোৰ সকলো আইঅ'চি সহকৰ্মীক সমৰ্থন কৰাৰ বাবে মই ধন্যবাদ জনাইছোঁ। অহা বছৰ আপুনি মুম্বাইৰ বৈঠকৰ বাবে অপেক্ষা কৰিব। এইটোৱে ভাৰতৰ খেলৰ বাবে এক নতুন যুগৰ আৰম্ভণি চিহ্নিত কৰিছে।''

    উল্লেখ্য, ২০২৩ৰ গ্রীষ্মকালত অনুষ্ঠিত হ'ব লগা বৈঠকখন মুম্বাইৰ অত্যাধুনিক, একেবাৰে নতুন জিঅ'ৰ ৱৰ্ল্ড কনভেনচন চেন্টাৰত (Jio World Convention Centre ) আয়োজিত হ'ব । চহৰৰ কেন্দ্রস্থল, বেন্দ্রা কুর্লা কমপ্লেক্স ত অৱস্থিত জে ডব্লিউ চি ভাৰতৰ বৃহত্তম কনভেঞ্চন চেন্টাৰ আৰু ২০২২ৰ প্রথম ভাগত কাৰ্যকৰী হ'ব ।
    Published by:Gautam Barman
    First published: