• Home
  • »
  • News
  • »
  • nation
  • »
  • পুৰোহিত নাই, মুছলমান ছাত্ৰীয়ে কৰিলে বাগদেৱীৰ পূজা! মন্ত্ৰমুগ্ধ কৰিলে সকলোকে

পুৰোহিত নাই, মুছলমান ছাত্ৰীয়ে কৰিলে বাগদেৱীৰ পূজা! মন্ত্ৰমুগ্ধ কৰিলে সকলোকে

১৮৪৭ চনত পশ্চিম বংগৰ বাৰাসটত প্ৰথমখন ছোৱালীৰ বাবে বিদ্যালয় স্থাপন কৰা হৈছিল।

১৮৪৭ চনত পশ্চিম বংগৰ বাৰাসটত প্ৰথমখন ছোৱালীৰ বাবে বিদ্যালয় স্থাপন কৰা হৈছিল।

১৮৪৭ চনত পশ্চিম বংগৰ বাৰাসটত প্ৰথমখন ছোৱালীৰ বাবে বিদ্যালয় স্থাপন কৰা হৈছিল।

  • Share this:
১৮৪৭ চনত কালীকৃষ্ণ মিত্ৰ মহাশয় ৰাজ্যত ছোৱালীৰ বাবে প্ৰথমখন বিদ্যালয় স্থাপন কৰা হৈছিল। পশ্চিমবংগৰ বাৰাসতৰ সেই ঐতিহাসিক বিদ্যালয়ে এইবাৰ ৰচিলে ইতিহাস। বাগদেৱীৰ আৰাধনাৰ আয়োজন সীমিত হ'লেও বিদ্যালয়খনত নাছিল কোনো নীতি-নিয়মৰ বাধ্যবাধকতা।

বাৰাসত কালীকৃষ্ণ উচ্চ বালিকা বিদ্যালয়ক প্ৰধান শিক্ষয়ত্ৰী মৌচুমী সেনগুপ্তাৰ মতে, চলি আছে কোৰোণা কাল। গতিকে একে ঠাইতে বেছি জনসমাগম নিষেধ কৰা হৈছে। আৰু তেওঁলোকৰ বিদ্যালয়ত ছোৱালীক প্ৰকৃত মানুহ হিচাপে গঢ়াৰ শিক্ষা দিয়া হয়। কোনো ধৰণৰ ধৰ্মীয় গোড়ামী মানি লোৱা নহয়। বিদ্যালয়ৰ পাঠ্যপুথিত ধৰ্মৰ ওপৰত কোনোধৰণৰ শিক্ষা দিয়া নহয়। গতিকে বিদ্যালয়ত হিন্দু, মুছলিম, আদিবাসী ছাত্ৰী,খ্ৰীষ্টান ধৰ্মীয় ছাত্ৰীৰদ্বাৰাই যিকোনো অনুষ্ঠানৰ আয়োজন কৰা হয়।

বাৰাসত কালীকৃষ্ণ উচ্চ বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী মৌচুমী সেনগুপ্তাৰ দাবী, সৰস্বতী পূজাত হোম বা যজ্ঞৰ কোনো আয়োজন কৰা নাই। কোনো পুৰোহিতকো আমন্ত্ৰণ জনোৱা নাই। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীৰ সহযোগত ছাত্ৰীসকলেই পাতিলে সৰস্বতী পূজা।

বিদ্যালয়ৰ নৱম শ্ৰেমীৰ ছাত্ৰী সমিহা হকে বাগদেৱীৰ বন্দনা পাঠ কৰে। সমিহাই পাঠ কৰা সৰস্বতী বন্দনাই মুগ্ধ কৰে সকলোকে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি