‘কাৰোবাৰ হেঁচাত নহয়, নিজ ইচ্ছাত গ্ৰহণ কৰিছিল ইছলাম ধৰ্ম’- কিয় ধৰ্ম সলনি কৰিছিল এ আৰ ৰহমানে? কৰিলে স্পষ্ট

এ আৰ ৰহমানৰ বায়োগ্ৰাফী ‘নোটছ অৱ এ ড্ৰিম’ৰ পৰা জানিব পৰা যায় যে, প্ৰথম ছবি ৰোজা মুক্তি পোৱাৰ ঠিক আগে আগে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল শিল্পীগৰাকীয়ে।
এ আৰ ৰহমানৰ বায়োগ্ৰাফী ‘নোটছ অৱ এ ড্ৰিম’ৰ পৰা জানিব পৰা যায় যে, প্ৰথম ছবি ৰোজা মুক্তি পোৱাৰ ঠিক আগে আগে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল শিল্পীগৰাকীয়ে।
- News18 Assam
- Last Updated: January 6, 2021, 4:01 PM IST
হিন্দু পৰিয়ালত জন্ম হৈছিল এ আৰ ৰহমানৰ। প্ৰকৃত নাম আছিল দিলীপ কুমাৰ। কিন্তু পিছত ইছলাম ধৰ্ম গ্ৰহণ কৰে ৰহমানে। ধৰ্ম সলনি কৰে তেওঁৰ পৰিয়ালেও। এ আৰ ৰহমানৰ বায়োগ্ৰাফী ‘নোটছ অৱ এ ড্ৰিম’ৰ পৰা জানিব পৰা যায় যে, প্ৰথম ছবি ৰোজা মুক্তি পোৱাৰ ঠিক আগে আগে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল শিল্পীগৰাকীয়ে। সেই সময়ত তেওঁৰ মাতৃ কৰিমা বেগমে অনুৰোধ কৰে, ছবিৰ ক্ৰেডিট যেন পুত্ৰৰ নতুন নামতেই থাকে। ছবিৰ একেবাৰে শেষ পৰ্যায়ত ধৰ্ম সলনি কৰিছিল সংগীত শিল্পীজনে।
ইছলাম ধৰ্ম গ্ৰহণ কৰিলেও, তেওঁ নিজৰ মতামত আনৰ ওপৰত কোনো দিন জাপি দিয়া নাই। এবাৰ এটা সাক্ষাত্কাৰত কৈছিল, ‘কাৰোৰে ওপৰত জোৰকৈ কিবা এটা জাপি দিয়াতো ভাল কথা নহয়। এয়া এক ব্যক্তিগত পচন্দ। নিজৰ ইচ্ছাত তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল বুলি উল্লেখ কৰে।
এ আৰ ৰহমানে অনুভৱ কৰে, যাৰ যি বিশ্বাস থাকে, প্ৰাৰ্থনা কৰিলে মনৰ শান্তি লাভ কৰিব। তাৰ বাবে নিজৰ ধৰ্মীয় বিশ্বাসক শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিবলৈ গৈ আনৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰিব নালাগে।