হঠাৎ এজন বয়োবৃদ্ধৰ বুকুত প্ৰচণ্ড বিষ, কান্ধত তুলি দৌৰ আৰক্ষী জোৱানৰ, চাওক Video

News18 Assam | News18-Assam
Updated:February 8, 2020, 3:12 PM IST
হঠাৎ এজন বয়োবৃদ্ধৰ বুকুত প্ৰচণ্ড বিষ, কান্ধত তুলি দৌৰ আৰক্ষী জোৱানৰ, চাওক Video
আৰক্ষী জোৱানজনৰ মহানুভৱতাক এতিয়া প্ৰশংসা কৰিছে সকলোৱে

আৰক্ষী জোৱানজনৰ মহানুভৱতাক এতিয়া প্ৰশংসা কৰিছে সকলোৱে

  • Share this:
মুম্বাইৰ এটা ৰে’ল ষ্টেচনত হঠাৎ এজন বৃদ্ধ লোক প্ৰচণ্ড বুকুৰ বিষত আক্ৰান্ত হয়। লগে লগে ষ্টেচনটোত থকা এজন কৰ্তব্যৰত আৰক্ষী জোৱানে বৃদ্ধলোকজনক কান্ধত তুলি দৌৰি দৌৰি ষ্টেচনটোৰ বাহিৰলৈ লৈ যায় আৰু চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে। সময়ত চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পৰাৰ বাবে সৌভাগ্য ক্ৰমে ৰক্ষা পৰে বৃদ্ধ লোকজনৰ জীৱন।

জানিব পৰা মতে, প্ৰকাশ গচ্ছে নামৰ এজন বয়োবৃদ্ধ লোক, দিনৰ প্ৰায় ২ বজাত ষ্টেচনৰ পৰা কোনোবা এফালে গৈ আছিল। হঠাৎ তেওঁ বুকুত প্ৰচণ্ড বিষ অনুভৱ কৰে আৰু ষ্টেচনৰ চৌহদতে পৰি যায়। মানুহে ভিৰ কৰাত ষ্টেচনটোত কৰ্মৰত অৱস্থাত থকা ৰে’লৱে আৰক্ষীৰ জোৱান ধনঞ্জয় গৱালী সেই ঠাইত উপস্থিত হয়। যেতিয়াই বৃদ্ধ লোকজনে বুকুৰ বিষয় চটফটাই থকা প্ৰত্যক্ষ কৰে, লগে লগে জোৱান জনে লোকজনক নিজৰ কান্ধত তুলি ষ্টেচনৰ বাহিৰলৈ দৌৰে।

আৰু চাওক
পৰৱৰ্তী বাতৰি