উত্তৰ প্ৰদেশৰ গাজিয়াবাদত এটা পোহনীয়া কুকুৰে হাউচিং চছাইটি লিফ্টৰ ভিতৰত এজন যুৱকক কামুৰি থকা এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছে।
ভিডিঅ'টোত, এজন যুৱকে এটা কুকুৰক ধৰি থকা আৰু কিছু দূৰত্বত আন এজন ব্যক্তি লিফ্টৰ দুৱাৰৰ কাষত থিয় হৈ থকা দেখা পোৱা গৈছে। কিন্তু, লিফ্টটো ৰখাৰ সময়ত যুৱকজন বাহিৰলৈ ওলাই যাবলৈ আগবাঢ়ি যাবলৈ লওতেই কুকুৰটোৱে ব্যক্তিজনৰ ফালে ঢাপলি মেলিলে। ব্যক্তিজনে নিজকে বচাবলৈ চেষ্টা কৰোতে মজিয়াত বাগৰি পৰে।
উক্ত ঘটনাটো লিফ্টটোৰ চিচিটিভি কেমেৰাত বন্দী হয়। চিচিটিভিত বন্দী হোৱা নতুন ঘটনাটো নয়দাৰ চেক্টৰ ৭৫-ৰ এপেক্স এথেনা চছাইটিত সংঘটিত হৈছে। ভিডিঅ'টোত কুকুৰটোৱে মানুহজনক কামুৰিছিল নে নাই সেই কথা অস্পষ্ট। কুকুৰটোৰ গৰাকীয়ে তাক নিয়ন্ত্ৰণ কৰিবলৈ আৰু লিফ্টৰ পৰা টানি নিবলৈ চেষ্টা কৰাও পৰিলক্ষিত হয়।
উল্লেখযোগ্য যে, মাত্ৰ দুদিনৰ পাছতে গাজিয়াবাদৰ ৰাজনগৰ এক্সটেনচনত অৱস্থিত চাৰ্মচ কেচেল চছাইটিৰ লিফ্টত থকা এগৰাকী মহিলাক তেওঁৰ কুকুৰে জঁপিয়াই কামুৰি দিয়াৰ পিছত শিশুটিক সহায় নকৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল। ইয়াৰ ঠিক দুদিন পাছতেই নয়দাতো কুকুৰৰ আক্ৰমণৰ এই ঘটনাটো সংঘটিত হৈছে।
দৰাচলতে, গাজিয়াবাদত এটা কুকুৰৰ গৰাকীয়ে শিশুৰ গাত কুকুৰটো জঁপিয়াই কামুৰি দিয়াৰ পিছত শান্তভাৱে চাই থকা আৰু ক্ষমা নোখোজাকৈও লিফ্টৰ পৰা ওলাই গৈছিল। আনকি শিশুটিয়ে বিষত কাতৰ হৈ পৰাও দেখিবলৈ পোৱা গৈছিল ভাইৰেল হোৱা ভিডিঅ’ এটাত।
গাজিয়াবাদ আৰক্ষীয়ে জনোৱা অনুসৰি তেওঁলোকে শিশুটিৰ অভিভাৱকৰ অভিযোগৰ ওপৰত ভিত্তি কৰি এটা গোচৰ ৰুজু কৰিছে। উক্ত কথা এক টুইটযোগে আৰক্ষীয়ে কয় যে, নন্দগ্ৰাম আৰক্ষী থানাৰ দ্বাৰা আগতীয়া আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|