সদায়েই এটা কথা কোৱা হয় যে ৰে’লৰ পথেৰে পাৰ হওঁতে সতৰ্কতা অৱলম্বন কৰিব লাগে অন্যথা দুৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা থাকে। বিভিন্ন সময়ত ৰে’ল পথত এনে দুৰ্ঘটনা হোৱা খবৰ পোৱা যায়। কিন্তু এজন লোকে ৰে’লৰ পথত থাকোতে ৰে’ল অহাত কথপমি ৰক্ষা পৰে। বিহাৰৰ ভাগলপুৰৰ ৰে’ল পথত বেগত ৰে’ল লাইন পাৰ কৰিব লওঁতে এজন লোকে মৃত্যৰ মুখৰ পৰা বাচি আহে। এই অসাৱধানতাৰ বাবে ব্যক্তিজনে নিজৰ জীৱন বিপদাপন্ন কৰে আৰু ৰে’লখন তেওঁৰ ওপৰেৰে পাৰ হৈ যায়।
ভিডিঅ’টো ভাগলপুৰৰ কাহালগাওঁ ৰে’ল ষ্টেচনৰ। এই ষ্টেচনত এজন ব্যক্তিয়ে ৰে’লৰ এটা প্লেটফৰ্মৰ পৰা আন এটা প্লেটফৰ্মলৈ যাবলৈ অভাৰ ব্ৰীজৰ মাজেৰে যোৱাৰ পৰিৱৰ্তে ৰে’ল ট্ৰেক পাৰ হ’বলৈ এটা চৰ্টকাট বাট লৈছিল। তেওঁ ট্ৰেকত ৰখাই থোৱা মালবাহী ৰে’লৰ তলৰ পৰা পাৰ হ’ব বিচাৰিছিল। কিন্তু ৰে’লৰ তলত অংশত যোৱাৰ লগে লগে হঠাতে ৰে’লখন আৰম্ভ হ’ল আৰু ব্যক্তিজন ৰে’লৰ ট্ৰেকৰ মাজতে আবদ্ধ হৈ পৰিল।
ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে ওচৰত থকা লোকসকলে ব্যক্তিজনক ট্ৰেকত শুবলৈ চিঞৰি কয়। মানুহজনে মূৰ তল কৰি ট্ৰেকত শুই থাকে আৰু তেওঁৰ ওপৰেৰে গোটেই মালবাহী ৰে’লখনে পাৰ হৈ যায়। অৱশ্যে, ৰে’লখন পাৰ হৈ যোৱাৰ পাছতো, ব্যক্তিজন সম্পূৰ্ণ সুৰক্ষিতভাৱে ৰে’লৰ ট্ৰেকৰ পৰা ওলায় আহে। ইয়াৰ পিছত ঘটনাস্থলীত উপস্থিত লোকসকলে স্বস্তিৰে উশাহ লয়।
Published by: Sehnaz Begum
First published: November 11, 2022, 12:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|