‘জয় শ্ৰীৰাম’ নোকোৱা বাবে নিৰ্মম প্ৰহাৰ, কঁপি কঁপি শেষ নিশ্বাস ত্যাগ যুৱকৰ

News18-Assam
Updated:June 24, 2019, 1:37 PM IST
‘জয় শ্ৰীৰাম’ নোকোৱা বাবে নিৰ্মম প্ৰহাৰ, কঁপি কঁপি শেষ নিশ্বাস ত্যাগ যুৱকৰ
পথৰ দাঁতিৰ বিদ্যুতৰ খুটাত বান্ধি কেইবাঘণ্টা ধৰি যুৱকজনৰ ওপৰত চলিছিল মাৰপিট।

পথৰ দাঁতিৰ বিদ্যুতৰ খুটাত বান্ধি কেইবাঘণ্টা ধৰি যুৱকজনৰ ওপৰত চলিছিল মাৰপিট।

  • Share this:
‘জয় শ্ৰীৰাম’ ধ্বনি নিদিয়াৰ বাবে প্ৰাণ দিবলগীয়া হ’ল এজন নিৰীহ যুৱকে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ খাৰছাৱনত। চোৰৰ সন্দেহত যুৱকজনক কৰায়ত্ত কৰি একাংশ লোকে বিদ্যুতৰ খুটাত বান্ধি চলালে নিৰ্মম অত্যাচাৰ। গুৰুতৰভাৱে আহত যুৱকজনক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও মৃত্যু হয়। উন্মত্ত দলটোৱে বাৰে বাৰে সংখ্যালঘু সম্প্ৰদায়ৰ যুৱকজনক জয় শ্ৰীৰাম বুলি ক’বলৈ বাধ্য কৰাইছিল। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি ২৪ বছৰীয়া মৃত যুৱকজনৰ নাম তবৰেজ আনছাৰী।

পথৰ দাঁতিৰ বিদ্যুতৰ খুটাত বান্ধি কেইবাঘণ্টা ধৰি যুৱকজনৰ ওপৰত চলিছিল মাৰপিট। ১৮ জুনত অভিযুক্তক আৰক্ষীক গতাই দিয়া হৈছিল। তাৰ পিছতে আদালতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল যুৱকজনক। ২২ জুনত যুৱকজনৰ স্বাস্থ্যৰ অৱনতি ঘটাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু হাস্পতালতে মৃত্যুক সাবটি লয় যুৱকজনে।

আৰু চাওক
পৰৱৰ্তী বাতৰি