পত্নীৰ কটা মূৰ হাতত লৈ থানা পালেগৈ হত্যাকাৰী, Video ভাইৰেল

News18 Assam | News18-Assam
Updated:February 1, 2020, 5:21 PM IST
পত্নীৰ কটা মূৰ হাতত লৈ থানা পালেগৈ হত্যাকাৰী, Video ভাইৰেল
থানাত উপস্থিত হোৱাৰ পিছতে আৰক্ষীয়ে কৰে গ্ৰেপ্তাৰ।

থানাত উপস্থিত হোৱাৰ পিছতে আৰক্ষীয়ে কৰে গ্ৰেপ্তাৰ।

  • Share this:
ভয়ংকৰ খবৰ! পত্নীৰ কটা মূৰ হাতত লৈ এজন ব্যক্তিয়ে ৰাজপথত দিছে খোজ। শিহৰণকাৰী দৃশ্য দেখি ৰাস্তাত সমাগম হ’ল বহু লোকৰ। ঘটনাটো উত্তৰ প্ৰদেশৰ। বাৰাবংকী জিলাৰ অন্তৰ্গত জাহাংগীৰবাদ থানাৰ বাহাদুৰপুৰ গাঁৱৰ এজন ব্যক্তিয়ে নিজৰ পত্নীক অতি নিৰ্মম ভাবে ডিঙি কাটি হত্যা কৰে। তাৰ পিছত পত্নীৰ কটা মূৰ হাতত লৈ গোটেই অঞ্চল ঘূৰি আৰক্ষী চকীত উপস্থিত হয়গৈ। থানাত উপস্থিত হোৱাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লোকজনক।

কিন্তু কি কাৰণে নিজৰ পত্নীক হত্যা কৰিলে, সেই কথা এতিয়াও জানিব পৰা নাই। কিন্তু ৰাস্তাৰে গৈ থাকোতে চাহেব নামৰ হত্যাকাৰীটোৱে চিঞৰি চিঞৰি কয় যে, ‘মোক গ্ৰেপ্তাৰ কৰক’। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।
আৰু চাওক
পৰৱৰ্তী বাতৰি