• Home
  • »
  • News
  • »
  • nation
  • »
  • মধ্যপ্ৰদেশৰ ৰাজগড়ত আজৱ কাণ্ড; টোল কৰ ৰেহাইৰ বাবে স্থায়ী ঠিকনাৰ প্ৰমাণপত্ৰ বিচৰা মহিলা কৰ্মীক শাৰীৰিক আক্ৰমণ মটৰ চালকৰ

মধ্যপ্ৰদেশৰ ৰাজগড়ত আজৱ কাণ্ড; টোল কৰ ৰেহাইৰ বাবে স্থায়ী ঠিকনাৰ প্ৰমাণপত্ৰ বিচৰা মহিলা কৰ্মীক শাৰীৰিক আক্ৰমণ মটৰ চালকৰ

এজন মটৰ চালকে এগৰাকী মহিলা টোল প্লাজাকৰ্মীক শাৰীৰিকভাৱে আক্ৰমণ কৰে।

এজন মটৰ চালকে এগৰাকী মহিলা টোল প্লাজাকৰ্মীক শাৰীৰিকভাৱে আক্ৰমণ কৰে।

এজন মটৰ চালকে এগৰাকী মহিলা টোল প্লাজাকৰ্মীক শাৰীৰিকভাৱে আক্ৰমণ কৰে।

  • Share this:
দেওবাৰে মধ্যপ্ৰদেশৰ ৰাজগড়ত এক আজৱ কাণ্ড সংঘটিত হয়। এজন মটৰ চালকে এগৰাকী মহিলা টোল প্লাজাকৰ্মীক শাৰীৰিকভাৱে আক্ৰমণ কৰে। উক্ত ঘটনাটোৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ যিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে গৰিহণাৰ পাত্ৰ হৈছে। জানিব পৰা মতে, ৰাজগড় জিলা টোল প্লাজাত নথিপত্ৰক লৈ হোৱা এক বিবাদ হিংসাত্মক হৈ পৰিছিল যেতিয়া এজন মটৰ চালকে তেওঁৰ আধাৰ কাৰ্ড বিচৰা এগৰাকী মহিলা টোল প্লাজাকৰ্মীক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল। টোল কৰ পৰিশোধ নকৰাকৈ যাবলৈ বাধা দিয়াত এজন ব্যক্তিয়ে এগৰাকী মহিলা টোল অপাৰেটৰক চৰ শোধাইছিল।

ভিডিঅ’টোত দেখা পোৱা অনুসৰি, মহিলাগৰাকী আৰু মটৰ চালকৰ মাজত হোৱা এক বিবাদে হিংসাত্মক ৰূপ লৈছিল। প্ৰাপ্ত তথ্য অনুসৰি, মটৰ চালকগৰাকীৰ নাম ৰাজকুমাৰ গুৰ্জাৰ আৰু তেওঁ মধ্যপ্ৰদেশৰ ৰাজগড়ৰ জাৰকাদিয়াখেদি গাঁৱৰ নিবাসী। মহিলা কৰ্মচাৰীৰ ওপৰত হাত উঠোৱাৰ বাবে ইতিমধ্যে তেওঁৰ বিপক্ষে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪, ৩২৩ আৰু ৫০৬ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।




বিয়াওৰা দিহাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰামকুমাৰ ৰঘুবংশীয়ে পিটিআইক জনায় যে, টোল প্লাজাৰ কৰ্মচাৰীজনে ৰাজকুমাৰ গুৰ্জাৰক পথ কৰ ৰেহাইৰ বাবে তেওঁৰ যোগ্যতা প্ৰতিষ্ঠা কৰিবলৈ তেওঁৰ স্থায়ী ঠিকনাৰ প্ৰমাণপত্ৰ বিচাৰিছিল। এই কাৰ্যতেই ক্ষুদ্ধ হৈ ৰাজকুমাৰ গুৰ্জাৰে মহিলা টোল প্লাজাৰ কৰ্মচাৰীজনক প্ৰচণ্ড চৰ সোধায়।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি