পঞ্জাৱৰ লুধিয়ানা জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি এগৰাকী মহিলাই বৈবাহিক বিভেদৰ ফলত হতাশাত ভুগি থকাৰ পাছতেই নিজৰ চাৰে তিনি বছৰীয়া পুত্ৰ সন্তানক জুইত জ্বলাই দিয়ে। জানিব পৰা মতে ঘটনাটো পঞ্জাৱৰ লুধিয়ানাৰ অন্তৰ্গত সোদানি কালান গাঁৱত সংঘটিত হৈছিল।
মহিলাগৰাকীৰ পুত্ৰৰ অৱস্থা বৰ্তমান সংকটজনক বুলি কোৱা হৈছে। অভিযুক্ত মহিলাগৰাকীয়ে যোৱা দুবছৰ ধৰি তেওঁৰ তিনিটা সন্তানৰ সৈতে নিজৰ মাতৃগৃহত বাস কৰি আছিল। খবৰ অনুসৰি মহিলাগৰাকীৰ সৈতে তেওঁৰ স্বামীৰ সৈতে সম্পৰ্ক তিক্ত আছিল।
অগ্নিদগ্ধ শিশুটোক চণ্ডিগড়ৰ পিজিআইএমইআৰত ভৰ্তি কৰোৱা হৈছে। দেশৰ আগশাৰীৰ এক সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি শৰীৰৰ ৬০ শতাংশ দগ্ধ হোৱাৰ পিছত ল'ৰাজনৰ অৱস্থা সংকটজনক।
উল্লেখ্য যে, এই ঘটনা সংঘটিত কৰাৰ অভিযোগত ৰূপিন্দৰ কৌৰ নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে তেওঁৰ মাতৃ মনজিৎ কৌৰে এখন এজাহাৰ দাখিল কৰিছে।
‘খবৰ অনুসৰি মহিলাগৰাকী তেওঁৰ স্বামীৰ সৈতে হোৱা বৈবাহিক বিভেদৰ বাবে হতাশাত ভুগি আছে। ৰূপিন্দৰ আৰু তাইৰ সন্তানে যোৱা দুবছৰ ধৰি তাইৰ পিতৃ-মাতৃৰ সৈতে বাস কৰি আছিল।’ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই এইদৰে কয়।
ভুক্তভোগীজনক শিশুটি ৰূপিন্দৰৰ তিনিটা সন্তানৰ ভিতৰত আটাইতকৈ কনিষ্ঠ বুলি জানিবপৰা গৈছে।
মহিলাগৰাকীৰ পৰিয়ালে আৰক্ষীক জনোৱা অনুসৰি কণমানি শিশুটিয়ে কান্দি আছিল আৰু মাকে তাক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছিল। এই কথাতেই খং কৰি ৰূপিন্দৰে শিশুটিৰ গাত জুই লগাই দিছিল।
প্ৰাথমিক অৱস্থাত শিশুটিক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে লুধিয়ানাৰ অসামৰিক চিকিৎসালয় প্ৰেৰণ কৰা হয়। পৰৱৰ্তী সময়ত চিকিৎসকসকলে শিশুটোক পিজিআইএমইআৰ চণ্ডিগড়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আৰু কিশোৰ ন্যায় আইনৰ ৩০৭ ধাৰাৰ অধীনত হত্যাৰ চেষ্টাৰ অভিযোগত এক গোচৰ ৰুজু কৰিছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : September 07, 2022, 11:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।