নহ’ল পুত্ৰ, পত্নী–কন্যাসহ বিক্ৰী কৰিলে পুৰণি ঘৰ

মাত্ৰ ৩ লাখ টকাত এজন লোকে বিক্ৰী কৰিলে পত্নী–কন্যাসহ পুৰণি ঘৰ। চন্দ্ৰায়নগুট্টা আৰক্ষী চকীৰ অন্তৰ্গত হায়দৰাবাদৰ নুৰি নগৰত সংঘটিত হৈছে এনে এক লজ্জাজনক ঘটনা।

news18assam
Updated:June 4, 2019, 12:27 PM IST
নহ’ল পুত্ৰ, পত্নী–কন্যাসহ বিক্ৰী কৰিলে পুৰণি ঘৰ
মাত্ৰ ৩ লাখ টকাত এজন লোকে বিক্ৰী কৰিলে পত্নী–কন্যাসহ পুৰণি ঘৰ। চন্দ্ৰায়নগুট্টা আৰক্ষী চকীৰ অন্তৰ্গত হায়দৰাবাদৰ নুৰি নগৰত সংঘটিত হৈছে এনে এক লজ্জাজনক ঘটনা।
news18assam
Updated: June 4, 2019, 12:27 PM IST
মাত্ৰ ৩ লাখ টকাত এজন লোকে বিক্ৰী কৰিলে পত্নী–কন্যাসহ পুৰণি ঘৰ। চন্দ্ৰায়নগুট্টা আৰক্ষী চকীৰ অন্তৰ্গত হায়দৰাবাদৰ নুৰি নগৰত সংঘটিত হৈছে এনে এক লজ্জাজনক ঘটনা।

দুবছৰ পূৰ্বে ফজলুৰ ৰহমান ৰহমানি নামৰ এজন ২৫ বছৰীয়া যুৱকে বিয়া কৰাইছিল ইশৰত পৰবীনক। শহুৰ–শাহুৰ লগতে স্বামীয়ে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছিল ইশৰতক। তেওঁলোকৰ দাবী আছিল পুত্ৰ সন্তান।

এদিন হঠাৎ কামৰ অজুহাত লৈ স্বামীয়ে ঘৰ এৰি গুচি যায়। স্বামীয়ে ঘৰ এৰাৰ পিছতে সৰফৰাজ খান, আমজাদ খান আৰু বহু লোকে ঘৰত সোমোৱাৰ চেষ্টা চলায়। তেওঁলোকে কয় যে স্ত্ৰী–কন্যাসহ ঘৰটো ৩ লাখ টকাত বিক্ৰী কৰিছে ফজলুৰ ৰহমান ৰহমানিয়ে।

ঘৰৰ ভিতৰত এনেকৈ অজ্ঞাত লোক উপস্থিত হোৱাত মহিলাগৰাকীয়ে চিঞৰ–বাখৰ লগায়। মহিলাৰ চিঞৰ শুনি ওচৰ–চুবুৰীয়া আহি উপস্থিত হয় ঘৰটোত। ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি