খাদ্যৰ অভাৱ! ১০ ফুট দীঘল প্ৰকাণ্ড কিং কোব্ৰাক হত্যা তিনি যুৱকৰ

News18 Assam | News18-Assam
Updated:April 18, 2020, 5:31 PM IST
খাদ্যৰ অভাৱ! ১০ ফুট দীঘল প্ৰকাণ্ড কিং কোব্ৰাক হত্যা তিনি যুৱকৰ
ল’ক ডাউনৰ সময়তে অৰুণাচলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা

ল’ক ডাউনৰ সময়তে অৰুণাচলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা

  • Share this:
এতিয়া দেশত কোৰোণাৰ আতংক। কোৰোণা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ দেশতে ল’ক ডাউন। এই কঠিন সময়ত বিভিন্ন জনে খাদ্যৰ সংকটত পৰা দেখিবলৈ পোৱা গৈছে। বহুজনে দুবেলা দুসাঁজৰ বাবে কৰিবলগীয়া হৈছে সংঘৰ্ষ।

ল’ক ডাউনৰ সময়তে অৰুণাচলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। তিনিজন অৰুণাচলৰ যুৱকে খাবলৈ নাপাই হত্যা কৰিলে দহ ফুট দীঘল প্ৰকাণ্ড কিং কোব্ৰা সাপক ৷ হত্যা কৰি আনকি ফটোৰ বাবে প’জো দিলে তিনিজন যুৱকে। যুৱককেইজনে আনকি কৈছে- আমি ইয়াক হত্যা কৰিলো ৷ ইয়াক আমি খাম ৷ কাৰণ আমাৰ কাবলৈ আৰু বেলেগ একো নাই এতিয়া।’

এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে,  শাস্তি পাবনে  এই তিনিজন যুৱকে। তিনিজনে চৰকাৰলৈও কৰিছে অনুৰোধ- ‘বেয়া নাপাব, চবজি নাই কাৰণেহে হত্যা কৰিলো এইটো কিং কোব্ৰাক ৷ বেয়া নাপাব ৷’
Published by: Himangshu Bhuyan
First published: April 18, 2020, 5:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading