• Home
  • »
  • News
  • »
  • nation
  • »
  • জম্মু–কাশ্মীৰৰ শ্বপিয়ানত দুগৰাকী কাশ্মীৰী পণ্ডিতৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজনৰ মৃত্যু

জম্মু–কাশ্মীৰৰ শ্বপিয়ানত দুগৰাকী কাশ্মীৰী পণ্ডিতৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজনৰ মৃত্যু

জম্মু–কাশ্মীৰৰ শ্বপিয়ানত পুনৰ কাশ্মীৰী পণ্ডিতৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাৰ এক ঘটনাত এজন কাশ্মীৰী পণ্ডিত নিহত হয়।

জম্মু–কাশ্মীৰৰ শ্বপিয়ানত পুনৰ কাশ্মীৰী পণ্ডিতৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাৰ এক ঘটনাত এজন কাশ্মীৰী পণ্ডিত নিহত হয়।

জম্মু–কাশ্মীৰৰ শ্বপিয়ানত পুনৰ কাশ্মীৰী পণ্ডিতৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাৰ এক ঘটনাত এজন কাশ্মীৰী পণ্ডিত নিহত হয়।

  • Share this:
মঙলবাৰে জম্মু–কাশ্মীৰৰ শ্বপিয়ানত পুনৰ কাশ্মীৰী পণ্ডিতৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাৰ এক ঘটনাত এজন কাশ্মীৰী পণ্ডিত নিহত হয়। কাশ্মীৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কয় যে, শ্বপিয়ানৰ আপেল বাগিছা এখনত সন্ত্ৰাসবাদীৰ দ্বাৰা চলোৱা গুলীচালনাত এজন নাগৰিকৰ মৃত্যু হয় আৰু লগতে তেওঁৰ ভাতৃ আঘাত প্ৰাপ্ত হয়। আৰক্ষীয়ে জনোৱা মতে, যি দুগৰাকী ব্যক্তিৰ ওপৰত আক্ৰমণ হৈছে তেওঁলোক দুয়ো হিন্দু ধৰ্মৰ।

কাশ্মীৰ আৰক্ষীয়ে নিজৰ অফিচিয়েল টুইটাৰ একাউন্টত টুইট কৰে- "সন্ত্ৰাসবাদীয়ে শ্বপিয়ানৰ চোটিপোৰা ঠাইৰ এখন আপেল বাগিছাত সাধাৰণ নাগৰিকৰ ওপৰত গুলীচালনা কৰে। এই গুলীচালনাত এজন ব্যক্তিৰ মৃত্যু হয় আৰু আন এজন মানুহ আঘাতপ্ৰাপ্ত হয়। ব্যক্তি দুয়োজন সংখ্যালঘু সম্প্ৰদায়ৰ হয় বুলি জানিব পৰা গৈছে। ইতিমধ্যে, আঘাতপ্ৰাপ্ত লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰা ব্যক্তি দুয়োজনৰ এজন সুনীল কুমাৰ আৰু আনজনক পিন্টু বুলি চিহ্নিত কৰা হৈছে।"

মন কৰিবলগীয়া কথা যে, কাশ্মীৰত বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা টাৰ্গেটেড হত্যাকাণ্ড সংঘটিত হৈ আহিছে। পীড়িত লোকসকলৰ ভিতৰত বেছিভাগ শ্ৰমিক বা কাশ্মীৰী পণ্ডিত আছিল। বিগত বৰ্ষৰ অক্টোবৰ মাহত পাঁচ দিনত সাতজন নাগৰিকৰ হত্যা হৈছিল। ইয়াৰ ভিতৰত এজন কাশ্মীৰী পণ্ডিত, এজন শিখ আৰু দুজন প্ৰৱাসী হিন্দু আছিল। মে’ মাহত সন্ত্ৰাসবাদীয়ে বডগামত তহচিলদাৰৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছিল আৰু ৩৬ বছৰীয়া পণ্ডিত ৰাহুল ভাটক গুলীয়াই হত্যা কৰিছিল।

ইতিমধ্যে, কাশ্মীৰত টাৰ্গেটেড হত্যাৰ ফলত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। উল্লেখনীয় বিষয় যে, এই সন্দৰ্ভত কাশ্মীৰী হিন্দুসকলে সুৰক্ষাৰ বাবে চৰকাৰক আবেদন জনাইছে। শেহতীয়াকৈ, কাশ্মীৰী হিন্দুসকলৰ লক্ষ্য কৰি হত্যা কৰাৰ বিষয়ে যথেষ্ট ৰাজনীতি চলিছে। বেছিভাগ দলে এই বিষয়টোত কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰা দেখা পোৱা গৈছে।
Published by:Sanjay Kumar Das
First published: