‘জিঅ’-ফেচবুকৰ মাজত হোৱা বৃহত্‍ চুক্তি দেশৰ ডিজিটেল ক্ষেত্ৰৰ বাবে এক ডাঙৰ সম্ভাৱনা’

News18 Assam | News18-Assam
Updated:April 27, 2020, 6:45 PM IST
‘জিঅ’-ফেচবুকৰ মাজত হোৱা বৃহত্‍ চুক্তি দেশৰ ডিজিটেল ক্ষেত্ৰৰ বাবে এক ডাঙৰ সম্ভাৱনা’
এই মন্তব্য কৰিছে ব্ৰডকাষ্ট ইণ্ডিয়া ফ’ৰামে

এই মন্তব্য কৰিছে ব্ৰডকাষ্ট ইণ্ডিয়া ফ’ৰামে

  • Share this:
বিশ্ব প্ৰসিদ্ধ ছচিয়েল মিডিয়া প্লেটফ’ৰ্ম ফেচবুকে ভাৰতৰ বৃহৎ টেলিকম কোম্পানী Jioৰ ৯.৯৯ শতাংশ অংশ ৪৩,৫৭৪ কোটি টকাত ক্ৰয় কৰিলে। দুয়োটা বৃহত্‍ প্ৰতিষ্ঠানৰ মাজত হোৱা এই বৃহত্‍ চুক্তিয়ে অনাগত দিনত ভাৰতবৰ্ষৰ ডিজিটেল ক্ষেত্ৰখনৰ বাবে এক ডাঙৰ সম্ভাৱনা কঢ়িয়াই আনিব বুলি মন্তব্য কৰিছে দেশৰ অগ্ৰণী ডিজিটেল পলিচী মেকিঙৰ সংস্থা  ব্ৰডকাষ্ট ইণ্ডিয়া ফ’ৰামে।

লগতে সংস্থাটোৱে উল্লেখ কৰিছে যে,  বৰ্তমান বিশ্বৰ এনে দুৰ্যোগৰ সময়ত বহু আগশাৰীৰ ব্যৱসায়ীক প্ৰতিষ্ঠানে ব্যয় সংকোচ নীতি গ্ৰহণ কৰিছে কিন্তু তাৰ মাজতো ৰিলায়েন্স জিঅ’ আৰু ফেচবুকৰ মাজত হোৱা চুক্তি অনাগত দিনৰ দেশৰ বাবেই হ’ব এক শুভ লক্ষণ।

সংস্থাটোৱে লগতে কৈছে যে, ‘ ফেচবুক আৰু জিঅ’ৰ এই ব্যৱসায়ীক চুক্তিয়ে  বিশেষকৈ দেশৰ ৫০ মিলিয়ন সৰু বৰ ব্যৱসায়, ১০০ মিলিয়নকতকৈও অধিক খেতিয়কক লাভন্বিত কৰিব।

উল্লেখযোগ্য যে, ফেচবুকে ৰিলায়েন্সৰ ডিজিটেল অপাৰেশ্যন ৰিলায়েন্স জিঅ’ত ৫.৭বিলিয়ন অৰ্থাৎ ৪৩,৫৭৪কোটি টকাৰ বিনিয়োগ কৰিছে।  এই চুক্তিৰে ফেচবুক এতিয়া ৰিলায়েন্স জিঅ’ৰ সৰ্ববৃহৎ অংশীদাৰ হৈ পৰিছে।

সংস্থাটোৱে লগতে বিশ্বাস কৰে যে,  লকডাউনত সমগ্ৰ বিশ্বৰ লগতে এই ব্যৱসায়ীসকলকো বিভিন্ন ডিজিটেল উপকৰণৰ প্ৰয়োজন। এইসমূহৰ ওপৰত ভৰসা কৰি তেওঁলোকে গ্ৰাহকৰ সৈতে মত বিনিময় কৰিব পাৰে আৰু ব্যৱসায় বৃদ্ধি কৰিব পাৰে। এইটো ক্ষেত্ৰত সহায়ক হৈ উঠিব এই চুক্তি।
Published by: Himangshu Bhuyan
First published: April 27, 2020, 6:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading