কেতিয়াবা বাটত ঘূৰি–ফুৰোতে হঠাতে কোনোবা এনে ব্যক্তিক লগ পাইছেনে যাৰ আপুনি অনুৰাগী হয়। এনে সুযোগ প্ৰতিদিনে নাহে, কিন্তু যেতিয়া প্ৰিয় তাৰকাক লগ পায়, সেইটো সদায় মনত ৰখাৰ মুহূৰ্ত হৈ পৰে। বিৰাট কোহলীৰ এজন ডাঙৰ অনুৰাগী কপিলৰ সৈতেও একেধৰণৰ ঘটনা ঘটিছিল। তেওঁ নৈনিতালৰ কাইঞ্চি ধাম মন্দিৰ ভ্ৰমণৰ সময়ত বিৰাট কোহলী আৰু তেওঁৰ পৰিয়ালক লগ পাইছিল। কপিলে বিৰাট কোহলীক দেখা পাই আনন্দত উৎফুল্লিত হৈ পৰিছিল। তেওঁ ইনষ্টাগ্ৰামত ক্ৰিকেট তাৰকাজনৰ সৈতে তেওঁৰ সাক্ষাতৰ ভিডিঅ' এটা শ্বেয়াৰ কৰিছিল। এই ভিডিঅ'টোৱে ৫৪ লাখতকৈও অধিক দৰ্শন লাভ কৰিছে।
ভিডিঅ'টোত, কপিলে উল্লেখ কৰিছে যে বিৰাট কোহলীয়ে তেওঁৰ পৰিয়ালৰ সৈতে নৈয়নিতালৰ বিখ্যাত মন্দিৰটো পৰিদৰ্শন কৰিব অহাৰ তথ্য তেওঁ আৰু তেওঁৰ বন্ধুসকলে পাইছিল। অৱশ্যে, তাৰকাজনৰ ভ্ৰমণৰ সঠিক সময়ৰ বিষয়ে তেওঁলোক অৱগত নাছিল। সেয়েহে, কোহলীৰ এক আভাস পাবলৈ, নিজ বন্ধুবৰ্গৰ সৈতে পুৱা ৬ বজাতে ওলাই গৈছিল গন্তব্য স্থানলৈ। বিৰাট কোহলীৰ আগমনৰ সময় সম্পৰ্কে সম্পূৰ্ণ অনিশ্চয়তাত থকা বাবে তেওঁলোকে সেই ঠাইতে কেইবা ঘণ্টা ধৰি অপেক্ষা কৰিছিল। অৱশেষত কপিলে তেওঁৰ আইডল, প্ৰিয় তাৰকাক লগ কৰিবলৈ সক্ষম হৈছিল। তেওঁ বিৰাট কোহলীৰ সৈতে এখন ফটো তুলিবলৈও সক্ষম হৈছিল।
অৱশ্যে, কপিলৰ পোষ্টটোত ইনষ্টাগ্ৰামৰ কিছু ব্যৱহাৰকাৰীয়ে ভাৰতৰ প্ৰাক্তন অধিনায়কজনক প্ৰথমবাৰৰ বাবে লগ পোৱাৰ নিজৰ অভিজ্ঞতাৰ কাহিনীও শ্বেয়াৰ কৰিছিল। ক্ৰিকেট তাৰকা বিৰাট কোহলীক লগ পোৱাৰ নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি এজনে লিখে যে, "মোৰ মনত আছে যে ২০২১ চনৰ ১৩ মাৰ্চত লক্ষ্ণৌ বিমানবন্দৰত বিৰাটক লগ কৰিছিলো। যদিও মই খেলখনৰ বাবে টিকট কিনিছিলো কিন্তু কোভিডৰ কাৰণে খেলখল বাতিল হৈছিল, মই বৰ বিচলিত হৈছিলোঁ কিন্তু মোৰ দেউতাই বিমানবন্দৰ কৰ্তৃপক্ষৰ কাৰোবাৰ সৈতে কথা পাতি ব্যৱস্থা কৰিছিলো আৰু অৱশেষত মই সমগ্ৰ টীম ইণ্ডিয়াক লগ পোৱাৰ সুযোগ পাইছিলো আৰু মই সেই দিনটো কেতিয়াও পাহৰিব নোৱাৰো।"
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|