মানুহ আৰু জন্তুৰ মাজৰ বন্ধুত্বক বহুত পুৰণি বুলি গণ্য কৰা হয়। বিশেষকৈ যদি কুকুৰৰ কথা আহে, তেন্তে মানুহ আৰু কুকুৰৰ বন্ধুত্বৰ এনে বহু উদাহৰণ আছে, যি আপোনাক চিন্তিত নকৰাকৈ নাথাকে।
নিজৰ পোহনীয়া কুকুৰক তাৰ গৰাকীয়ে এক বিশেষ স্বীকৃতি দিয়াৰ শেহতীয়া তথ্য আহিছে পোহৰলৈ। বাতৰি অনুসৰি, এগৰাকী বিমান যাত্ৰীয়ে তেওঁৰ পোহনীয়া কুকুৰৰ সৈতে ভ্ৰমণ কৰিবলৈ এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ সকলো ব্যৱসায়িক শ্ৰেণীৰ আসন বুক কৰে। মুম্বাইৰ পৰা চেন্নাইলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ 'জে' বা বিজনেছ ক্লাছৰ সকলো ছীটেই বুক কৰে। কাৰণ পোহনীয়া কুকুৰ 'কে৯'ৰ যাত্ৰা যাতে সুন্দৰ হয়। আৰু এনেদৰে মালিকৰ সৈতে এই সুন্দৰ যাত্ৰাটো কৰে কুকুৰটোৱে।
যোৱা বুধবাৰে এয়াৰ ইণ্ডিয়াৰ বিমানত ভ্ৰমণ কৰা লোকগৰাকীয়ে কুকুৰটোৰ বাবে বুক কৰা ১২ খন আসনৰ বাবে ২ লাখ ৪০ হাজাৰ টকা পৰিশোধ কৰে। খবৰ অনুসৰি, এয়াৰবাছ এ৩২০ বিমানখনত ১২ খন ব্যৱসায়িক শ্ৰেণীৰ আসন আছিল। কুকুৰটোৰ গৰাকীয়ে এই সকলোবোৰ আসন বুক কৰিছিল একমাত্ৰ তেওঁৰ পোহনীয়া কুকুৰটোৱে যাতে বিমানখনত ভ্ৰমণ কৰিব পাৰে।
উল্লেখ্য, মুম্বাইৰ পৰা চেন্নাইলৈ দুঘণ্টাৰ বিমানত ব্যৱসায়িক শ্ৰেণীৰ টিকটৰ মূল্য হৈছে ১৮,০০০ টকাৰ পৰা ২০,০০০ টকাৰ ভিতৰত। অৰ্থাৎ যাত্ৰীজনে ১২খন আসনৰ বাবে ২ লাখ ৪০ হাজাৰ টকা পৰিশোধ কৰিছিল। নিশ্চিত নহয় যদিও অনুমান কৰা মতে এইটোৱে একমাত্ৰ ভাগ্যৱান কুকুৰ, যি বিজনেছ ক্লাছ বুক কৰি বিমান যাত্ৰাৰ অংশীদাৰ হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|