বিবাহ নিমন্ত্ৰণৰ কাৰ্ড ছপোৱাটো বিবাহৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে। বিবাহৰ বাবে প্ৰায় সকলো লোকেই নিমন্ত্ৰণী পত্ৰ প্ৰস্তুত কৰি দম্পতীহালক আজীৱনে সুখী থকাৰ আশীৰ্বাদ দিবলৈ আমন্ত্ৰণ কৰে নিজ পৰিয়াল, বন্ধু–বৰ্গ, ওচৰ–চুবুৰীয়াক। বিভিন্ন লোকে নতুন কাৰু-কাৰ্যৰে ডিজাইন কৰোৱাই প্ৰস্তুত কৰা এই বিবাহ নিমন্ত্ৰণী পত্ৰ যি বহু সময়ত সামাজিক মাধ্যমত ভাইৰেল হোৱাও পৰিলক্ষিত হয়৷ কিন্তু সকলোকে আচৰিত কৰিছে বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হোৱা এখন ব্যতিক্ৰমী কাৰ্ডে। এই কাৰ্ড বিবাহ নিমন্ত্ৰণ কাৰ্ড নহয় বৰঞ্চ বিবাহ বিচ্ছেদৰ কাৰ্ডহে৷ বিবাহ বিচ্ছেদ উদযাপন কৰিবলৈ বিচ্ছেদৰ কাৰ্ড এখন সম্পূৰ্ণৰূপে বিবাহ নিমন্ত্ৰণী পত্ৰৰ দৰেই লিখি ছপোৱা হৈছে। এই বিচ্ছেদৰ কাৰ্ডখনে মানুহৰ যথেষ্ট সমাদৰ লাভ কৰিছে৷
জানিব পৰা মতে, বিবাহ অনুষ্ঠানৰ দৰেই আয়োজন কৰা হৈছে বিচ্ছেদ সমাৰোহ আৰু লগতে বৰ্ণাঢ্য অনুষ্ঠানৰো আয়োজন কৰা হৈছে৷ মধ্যপ্ৰদেশৰ ভূপালত প্ৰথমবাৰৰ বাবে ‘বিচ্ছেদ সমাৰোহ’ আয়োজন কৰা হৈছে৷ আগন্তুক ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব আৰু এই সমাৰোহ বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে কিয়নো ই বিবাহ বিচ্ছেদ হোৱাৰ আনন্দ উপভোগ কৰিবলৈ আয়োজন কৰা হৈছে৷
উল্লেখযোগ্য যে, এই অনুষ্ঠানটো ভাই ৱেলফেয়াৰ চছাইটিৰ দ্বাৰা আয়োজিত কৰা হৈছে। ইতিমধ্যে, এই কাৰ্যসূচীৰ বাবে কাৰ্ড প্ৰেৰণ কৰি লোকসকলক আমন্ত্ৰণ জনোৱা হৈছে। আমোদজনক ভাৱে বিবাহৰ সময়ত যি ধৰণৰ ৰীতি-নীতি অনুষ্ঠিত হয় তাৰ বিপৰীতে নীতি–নিয়ম 'বিবাহ-পৃথকীকৰণ অনুষ্ঠান'ত অনুষ্ঠিত হ'ব। জেণ্টছ সংগীত, জয়মালা বিসৰ্জন, বাৰাত (বৰযাত্ৰা) উভতা আৰু বহুতো কাৰ্যসূচী অনুষ্ঠিত হ’ব উক্ত দিনটোত। ইয়াৰোপৰিও, কাৰ্যসূচী সম্পৰ্কে যিকোনা তথ্য প্ৰাপ্ত কৰিবলৈ পুৰুষ হেল্পলাইন নম্বৰ এটাও জাৰি কৰা হৈছে যি কাৰ্ডখনত প্ৰিণ্ট কৰা আছে।
কাৰ্যসূচীটোৰ সৈতে সম্পৰ্কিত সকলো তথ্য এই বিবাহ বিচ্ছেদ নিমন্ত্ৰণ কাৰ্ডত দিয়া হৈছে য’ত কোৱা হৈছে যে এই অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়াত ভুগি থকা পুৰুষসকলে আনন্দেৰে পুনৰ এটা নতুন জীৱন আৰম্ভ কৰিব পাৰে আৰু তেওঁলোকৰ পুৰণি জীৱন পাহৰি যাব পাৰে। আনহাতে, ছ'চিয়েল মিডিয়াত মানুহে এই বিষয়টোত বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|