নতুন দিল্লীঃ কৃষি আইনক লৈ কৃষক সংগঠনৰ সৈতে চৰকাৰী পক্ষই ইতিমধ্যেই পাঁচ দফীয়া বৈঠকত মিলিত হৈছে। তথাপিও সমাধান সূত্ৰ ওলোৱা নাই। এই কৃষি আইনক লৈ সমগ্ৰ দেশত যি বিশৃংখলাৰ সৃষ্টি হৈছে এইবাৰ এই ক্ষেত্ৰত সমস্যা দূৰ কৰিবলৈ হস্তক্ষেপ কৰিছে দেশৰ শীৰ্ষ আদালতে। বুধবাৰে ছুপ্ৰীম ক’ৰ্টে জনায় দুই পক্ষৰ ফালৰ পৰা এই সন্দৰ্ভত এখন কমিটি গঠন কৰা উচিত। উল্লেখ্য যে, বিতর্কিত কৃষি আইনৰ বিৰুদ্ধে এই কৃষক আন্দোলন বিগত তিনি সপ্তাহ ধৰি চলিছে। বিক্ষোভকাৰীসকলৰ দলত আছে সহস্ৰাধিক কৃষক যিসকলৰ অধিকাংশই হৈছে পঞ্জাৱ আৰু হাৰিয়ানাৰ। দিল্লী সীমান্তত কৃষকসকলক অপসাৰণ কৰাৰ আৱেদন কৰা হৈছিল ছুপ্ৰীম ক’ৰ্টত। এই আবেদনৰ ভিত্তিতেই শুনানি হয় আজি। শুনানিত বিচাৰকসকলৰ পীঠত আছিল দেশৰ মুখ্য ন্যায়াধীশ এছ এ ববড়ে, বিচাৰপতি এ এছ বোপান্না তথা ভি ৰামাসুব্ৰমনিয়ম। বিচাৰকসকলৰ বেঞ্চৰ তৰফৰ পৰা চৰকাৰী পক্ষক এক নটিছ পঠিওৱা হয় বৃহস্পতিবাৰে শুনানিৰ তাৰিখ লৈ।
শীৰ্ষ আদালতে জনায়, কৃষি আইনৰ বিষয়টোৰ সমাধান বাহিৰ কৰিবলৈ যি কমিটি গঢ়া হ’ব তাত কৃষক তথা চৰকাৰ দুইপক্ষৰে প্ৰতিনিধি থাকিব। ছুপ্রীম ক’র্টে জনায়, “প্রতিবাদী কৃষকসকলৰ সৈতে আপোনালোকৰ আলোচনা কোনো ভাবেই কার্যকৰী হোৱা নাই।” লগতে কোৱা হয়, এই সন্দৰ্ভত আন্দোলনকাৰী কৃষক সংগঠনে নিজৰ সপক্ষে যুক্তি সাজু কৰিব লাগিব। আনহাতে চলিছিটৰ জেনেৰেল তুষাৰ মেহতাই বিচাৰসকলৰ পীঠক জনায় যে কৃষকসকলৰ স্বাৰ্থত আঘাত হানিব পৰা কোনো সিদ্ধান্ত চৰকাৰে লোৱা নাই। শীর্ষ আদালতত এই আৱেদন দাখিল কৰিছিল ঋষভ শর্মা নামৰ আইনৰ এজন ছাত্রই। তেওঁ যুক্তি প্ৰদৰ্শন কৰিছিল যে, “দিল্লী সীমান্তত দীর্ঘদিন ধৰি প্ৰতিবাদ অব্যাহত থকাৰ কাৰণে বিক্ষোভকাৰীসকলে দিল্লীত প্ৰৱেশৰ বাট বন্ধ কৰি ৰাখিছে। ফলত চহৰৰ পথত ট্ৰেফিক বাঢ়িছে। ইয়াৰ বাহিৰে দিল্লীৰ আশে–পাশে থকা বহুতেই চিকিৎসাৰ কাৰণে আহে। সীমান্তৱৰ্তী এলেকা বন্ধ থকাত বহু মানুহ হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে।” আৱেদনত কোৱা হৈছে যে, আন্দোলনকাৰীসকলে বাট বন্ধ কৰাৰ কাৰণে মেডিকেল ইমাৰজেন্সীত ভোগাসকলে হাৰাশাস্তি পাইছে। কোৰোণাত আক্ৰান্ত অনেকেই চিকিৎসা কৰাবলৈ আহিব পৰা নাই?
নতুন কৃষি আইনক লৈ ক্ষুব্ধ কৃষকসকলৰ আশংকা এই আইন প্ৰণয়ন হ’লে কৃষি ক্ষেত্ৰৰ ন্যূনতম মূল্য বা মিনিমাম চাপ’ৰ্ট চিষ্টেম প্ৰাইচৰ নিয়ম ভাঙি যাব। আনহাতে চৰকাৰৰ দাবী এই আইনে কৃষকসকলৰ কাৰণে নতুন পথ খুলিব।
FIRST PUBLISHED : December 16, 2020, 17:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।