মুখ্যপৃষ্ঠা »খবৰ »দেশ »এটা হাতী পোৱালিৰ যন্ত্ৰণাকাতৰ জীৱন! মাতৃৰ বুকুৰ মাজত শূঁৰহীন গজৰাজ

এটা হাতী পোৱালিৰ যন্ত্ৰণাকাতৰ জীৱন! মাতৃৰ বুকুৰ মাজত শূঁৰহীন গজৰাজ

পাঁচজনীয়া হাতীৰ জাকটোৰ মাজত এটা পোৱালি হাতী আছে যাৰ শুঁড়ডাল কটা

পাঁচজনীয়া হাতীৰ জাকটোৰ মাজত এটা পোৱালি হাতী আছে যাৰ শুঁড়ডাল কটা

পাঁচজনীয়া হাতীৰ জাকটোৰ মাজত এটা পোৱালি হাতী আছে যাৰ শুঁড়ডাল কটা

  • Share this:
কেৰালাত তেল পাম খেতিত দেখা পোৱা এটা হাতীৰ জাক বৰ্তমান চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। পাঁচজনীয়া হাতীৰ জাকটোৰ মাজত এটা পোৱালি হাতী আছে যাৰ শুঁড়ডাল কটা। মঙলবাৰে সন্ধিয়া এঝাট্টুমুখামত কেৰালাৰ বৃক্ষৰোপণ নিগমৰ অধীনত তেল পাম খেতিলৈ অহা এই জাকটোৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে। এজন স্থানীয় লোক সজিল শাজুৰ দ্বাৰা জনোৱাৰ পিছত কেৰালা আৰক্ষীৰ বিশেষ শাখাৰ এজন বিষয়া জিলেশ চন্দ্ৰনে এই ভিডিঅ’টো তুলিছিল। এই দৃশ্য অথিৰাপ্পিলি ত্ৰিচুৰ কেৰেলাৰ ওচৰৰ। ঠাইখন ত্ৰিচুৰ চহৰৰ পৰা ৫৩ কিলোমিটাৰ নিলগত অৱস্থিত।

উল্লেখ্য যে, এই ভিডিঅ'টোৰ পাছতেই বৰ্তমান প্ৰশ্ন হৈছে কেনেদৰে নোহোৱা হ’ল হাতী পোৱালীটোৰ শুঁড়ডাল। কোনোবা দুষ্কৃতিকাৰীৰ ফলত হাতী পোৱালীটোৰ এই পৰিণাম হৈছে নেকি সেইয়া এতিয়াও অস্পষ্ট।

শেহতীয়া বাতৰি