প্ৰথমে অবৈধ প্ৰেম, তাৰ পিছত গোপন ভিডিঅ’, শেষত এক নৃশংস হত্যাকাণ্ড

News18 Assam | News18-Assam
Updated:January 30, 2020, 12:51 PM IST
প্ৰথমে অবৈধ প্ৰেম, তাৰ পিছত গোপন ভিডিঅ’, শেষত এক নৃশংস হত্যাকাণ্ড
Source-Google

এগৰাকী বিবাহিত মহিলাৰ সৈতে গোপনে শাৰীৰিক সম্পৰ্কত মিলিত হৈছিল এজন কেব ড্ৰাইভাৰ। মনে মনে কৰিছিল ভিডিঅ’।

  • Share this:
জয়পুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। অবৈধ প্ৰেমৰ ভয়াৱহ পৰিণতি। এগৰাকী বিবাহিত মহিলাৰ সৈতে গোপনে শাৰীৰিক সম্পৰ্কত মিলিত হৈছিল এজন কেব ড্ৰাইভাৰ। মনে মনে কৰিছিল ভিডিঅ’। পিছত ভিডিঅ’ ভাইৰেল কৰাৰ ধমকিৰে মহিলাক ব্লেকমেইলিং।

৮ জানুৱাৰী তাৰিখে ৰাজপথত আৰক্ষীয়ে উদ্ধাৰ কৰে এটা অচিনাক্ত মৃতদেহ। যুৱকজনৰ মুখত আছিল আঘাতৰ চিন। পিছত ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰে অভিযান। জানিব পৰা মতে, ৭ জানুৱাৰী তাৰিখে কেৰেলাৰ নিৱাসী মহেন্দ্ৰ গৌড়ে পুত্ৰ অমৰ নিখোজ হোৱাৰ কথা আৰক্ষীক জনাইছিল। নিজৰ কেব খন লৈ ঘৰৰ পৰা ওলাই গৈছিল অমৰ। আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহ পিছত মহেন্দ্ৰই নিজৰ পুত্ৰ অমৰ বুলি চিনাক্ত কৰে।

তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে কেব কোম্পানীৰে যোগাযোগ কৰি কেবখনৰ লোকেশ্বন ট্ৰেক কৰে। অমৰৰ মোবাইলৰো ডিটেইলচ পৰীক্ষা কৰে আৰক্ষীয়ে। আৰু তদন্ততে পোহৰলৈ আহে হত্যাৰ প্ৰকৃত কাৰণ। অমৰে মৃত্যুৰ আগ মুহূৰ্তত কথা পাতিছিল বেবী দেৱী নামৰ এগৰাকী বিবাহিত মহিলাৰ সৈতে।

কোনে হত্যা কৰিলে অমৰক? কিয় কৰা হ’ল হত্যা?

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বেবী দেৱী আৰু স্বামী দুনীয়া লাল মহতোক। আৰক্ষীৰ জেৰাত পোহৰলৈ আহে ঘটনাৰ প্ৰকৃত কাৰণ। বেবী থাকে জয়পুৰত। ছমাহ ধৰি চলি আছিল বেবী আৰু অমৰৰ মাজত অবৈধ সম্পৰ্ক। আনকি দুয়োৱে ভাড়াতো লৈছিল এটা কোঠা। এবাৰ দুয়ো শাৰীৰিক সম্পৰ্ক স্থাপন কৰা ভিডিঅ’ গোপনে কেমেৰাত আৱদ্ধ কৰিছিল অমৰে। পিছত ভিডিঅ’ৰ জৰিয়তে অমৰে ব্লেকমেইলিং কৰা আৰম্ভ কৰে বেবীক। দিনে দিনে বাঢ়ি গৈছিল বেবীৰ ওপৰত অমৰৰ অত্যাচাৰ। উপায়ন্ত হৈ বেবীয়ে নিজৰ স্বামী দুনীয়া লালক অৱগত কৰে সমগ্ৰ ঘটনা। আৰু দুনীয়া আৰু বেবীয়ে মিলি অমৰক হত্যা কৰাৰ পৰিকল্পনা কৰে ।

পৰিকল্পিত ভাবে ভাড়াত লোৱা কোঠালৈ এদিন অমৰক মাতি পঠিয়াই বেবীয়ে। দুনীয়া লাল আৰু বেবীয়ে প্ৰথমে অমৰক নিচাযুক্ত দ্ৰব্য খোৱাই আৰু তাৰ পিছত ডিঙি চেপি হত্যা কৰে। আৰু মৃতদেহতো পথৰ কাষত পেলাই দিয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি