• Home
  • »
  • News
  • »
  • nation
  • »
  • Beggar Accept Digital Payment: এইগৰাকী ভিখাৰীয়ে ডিজিটেলী লয় ভিক্ষা, দাতাৰ সুবিধাৰ বাবে গলত আঁৰি লৈছে QR code

Beggar Accept Digital Payment: এইগৰাকী ভিখাৰীয়ে ডিজিটেলী লয় ভিক্ষা, দাতাৰ সুবিধাৰ বাবে গলত আঁৰি লৈছে QR code

প্ৰথম অৱস্থাত মানুহে তেওঁৰ ভিক্ষা গ্ৰহণৰ প্ৰক্ৰিয়া দেখি আচৰিত হৈছিল যদিও 'মোৰ দেশ সলনি হৈছে' বুলি ইয়াক মানি লয়।

প্ৰথম অৱস্থাত মানুহে তেওঁৰ ভিক্ষা গ্ৰহণৰ প্ৰক্ৰিয়া দেখি আচৰিত হৈছিল যদিও 'মোৰ দেশ সলনি হৈছে' বুলি ইয়াক মানি লয়।

প্ৰথম অৱস্থাত মানুহে তেওঁৰ ভিক্ষা গ্ৰহণৰ প্ৰক্ৰিয়া দেখি আচৰিত হৈছিল যদিও 'মোৰ দেশ সলনি হৈছে' বুলি ইয়াক মানি লয়।

  • Share this:
মন্দিৰ অথবা হাস্পতালৰ সন্মুখভাগ, অথবা ৰাস্তা-ঘাট প্ৰায়ভাগৰে অভিজ্ঞতা আছে ভিখাৰীৰ মুখামুখি হোৱাৰ। আমাৰ দেশত আপুনি বহুতো ভিক্ষাৰীক দেখিবলৈ পোৱাটো স্বাভাৱিক কথা। হাত পাতে আপোনাৰ দয়াৰ বাবে, পকেটত পইচা থাকিলে দিব পাৰে অন্যথা নাই।

কিন্তু জানি আচৰিত হ'ব যে আনৰ দানৰ অপেক্ষাত থকা এই ভিখাৰীৰ জীৱনলৈও আহিছে পৰিৱৰ্তন। হাত পাতি নহয় এতিয়া ডিজিটেলী ভিখাৰীয়ে লয় অনুদান (beggar accept digital payment)। এতিয়াৰ পৰা ভিখাৰীয়ে এইটোও ক'ব পাৰে যে যদি আপোনাৰ পকেটত পইচা নাই, তেন্তে অনলাইন পৰিশোধৰ বিকল্প ব্যৱহাৰ কৰিব পাৰে।

হয়, এনে দৃশ্যই দেখা গৈছে বিহাৰত। বিহাৰৰ বেতিয়া জিলাৰ বাসিন্দা ৰাজু পেটেল আজিকালি এই কাৰণে বাতৰিলৈ আহিছে। তেওঁ ভিক্ষাগ্ৰহণ কৰে অনলাইনেৰে (online payment)। বাতৰি অনুসৰি, ৰাজুৱে ফোনপেৰ দ্বাৰা ভিক্ষা গ্ৰহণ কৰে। তেওঁ আনকি দান গ্ৰহণ কৰিবলৈ তেওঁৰ ডিঙিত এটা কিউআৰ কোডো ৰাখিছে।



এই সম্পৰ্কে তেওঁ কয় যে বহুতৰে পকেটত পইচা নাথাকে, গতিকে তেওঁ ডিজিটেলী দান লয়। ইয়াৰ দ্বাৰা দাতা আৰু গ্ৰহণ কৰোঁতাৰ মাজত কোনোপ্ৰকাৰৰ অসুবিধা নাথাকে। জীৱিকাও সঠিক ৰূপত চলে।

প্ৰথম অৱস্থাত মানুহে তেওঁৰ ভিক্ষা গ্ৰহণৰ প্ৰক্ৰিয়া দেখি আচৰিত হৈছিল যদিও 'মোৰ দেশ সলনি হৈছে' বুলি ইয়াক মানি লয়। ইয়াকে লৈ বহুকে ধেমেলীয়া মিমো প্ৰস্তুত নকৰাকৈ থকা নাই। বহুতৰে এই কাৰবাৰক লৈ লিখিছিল- সকলো নতুন হ'ব কিন্তু ভিক্ষা কৰা বন্ধ কৰা নচলিব। এয়া ভিক্ষাগ্ৰহণৰ নতুন ষ্টাইল।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি