দেশত Vande Bharat Express ৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি অধিক প্ৰচাৰত গুৰুত্ব আৰোপ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ৰে'লৱে জনসংযোগ বিষয়া সন্মিলনত এক নিৰ্দেশনা যোগে বন্দে ভাৰত এক্সপ্ৰেছৰ বিষয়ে অধিক প্ৰচাৰ কৰাৰ নিৰ্দেশ দিয়ে। ২০২৪ চনৰ আগত বন্দে ভাৰতক অধিক প্ৰচাৰৰ পোহৰলৈ অনা উচিত তথা ভাৰতীয় ৰে'লৱেৰ প্ৰতিটো প্ৰকল্প দৈনিক প্ৰচাৰ কৰা উচিত বুলিও উল্লেখ কৰে। ছ'চিয়েল মিডিয়াত ৰে'লৱেৰ সকলো ইতিবাচক খবৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কামৰ প্ৰচাৰ বিভিন্ন ষ্টেচনত কৰিব লাগে বুলিও কয়।
ভাৰতীয় ৰে'লৱেই বন্দে ভাৰত এক্সপ্ৰেছক অধিক সংখ্যক লোকৰ মাজলৈ লৈ যাব বিচাৰিছে। থলুৱা প্ৰযুক্তিৰে নিৰ্মিত এই ৰে'লে সমগ্ৰ দেশতে যথেষ্ট আগ্ৰহৰ সৃষ্টি কৰিছে। ভাৰতীয় ৰে'লৱেই এই বন্দে ভাৰত এক্সপ্ৰেছ একাধিক ৰাজ্যত, একাধিক পথত চলাই আছে। সূত্ৰ অনুসৰি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ বিভিন্ন প্ৰান্তত এই ৰে'লৰ চলাচল দিয়া হ’ব। স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে কেন্দ্ৰই সমগ্ৰ দেশৰ ৪০০ টা ষ্টেচনত বন্দে ভাৰত এক্সপ্ৰেছ চলোৱা হব বুলি ঘোষণা কৰিছিল।
ইতিমধ্যে এই ৰে'ল চেন্নাইৰ ইন্টিগ্ৰেল কোচ ফেক্টৰীত নিৰ্মাণ কৰা হৈছে। বৰ্তমানে ই দেশৰ আঠটা পথত চলি আছে। অহা কেইমাহমানৰ ভিতৰত আৰু কেইবাটাও পথত চলিব এই অৰ্ধ-উচ্চবেগী ৰে'ল। ভাৰতীয় ৰে'লৱেই প্ৰচাৰৰ পোহৰত থলুৱা প্ৰযুক্তিৰে নিৰ্মিত এই ৰে'লখন আনিব বিচাৰিছে। ভাৰতীয় ৰে'লৱেই দেশবাসীৰ সন্মুখত মেক ইন ইণ্ডিয়াৰ প্ৰচাৰ বিচাৰিছে। গতিকে জনসংযোগ বিষয়াসকলক বন্দে ভাৰত এক্সপ্ৰেছক লৈ অধিক প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিছে।
পূৰ্বতে, ৰে'ল বাজেট পৃথকে পৃথকে দাখিল কৰা হৈছিল। কিন্তু বৰ্তমানে ৰে'ল বাজেট সাধাৰণ বাজেটৰ সৈতে একত্ৰিত কৰা হৈছে। যদিও ৰাজনৈতিক মহলৰ মতে দেশৰ সৰ্ববৃহৎ ৰাজহুৱা পৰিবহণ ব্যৱস্থাক বিভিন্ন ৰাজনৈতিক দলে ভোট প্ৰচাৰৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। জনসংযোগ বিষয়াৰ বৈঠকত সকলোৱে ছ’চিয়েল মিডিয়াৰ প্ৰচাৰত গুৰুত্ব দিব লাগে বুলি কয়। উক্ত সভাত অনুৰোধ কৰা মতে আৰ পি এফৰ কামৰ শলাগ লব লাগে। ঠিক তেনেদৰে ভাৰতীয় ৰে’লৱেৰ সৈতে জড়িত দেশৰ বিভিন্ন প্ৰান্তত চলি থকা নিৰ্মাণ কামৰ প্ৰচাৰ কৰিবলৈ কোৱা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|